মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনৰ খুন্দাত থিতাতে নিহত স্কুলীয়া ছাত্ৰ

 A

নিউজ ডেস্ক:
মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহটিয়াই নিয়ে  দুই স্কুলীয়া ছাত্রক। বৰগুৰি চাৰিআলিত শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী সপ্তম শ্রেণীৰ ছাত্র। নিহত ছাত্রগৰাকীৰ নাম অয়নজ্যোতি বনিয়া। গুৰুতৰভাৱে আহত হয়  মলয় নাথ নামৰ দশম শ্রেণীৰ আন এজন ছাত্র।আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে গাড়ীখনৰ ভিতৰৰ পৰা যথেষ্টসংখ্যক মদৰ বটল প্ৰত্যক্ষ কৰিছে স্হানীয় ৰাইজে ৷

Your Comments