জনতাক মাধমাৰ:২৫শতাংশ বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ সোণোৱাল কেবিনেটৰ

Pic

জনতা ভৱনত সোমবাৰে অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত লোৱা হৈছে বহুকেইটা সিদ্ধান্ত।সেই অনুসৰি জনতাক মাধমাৰ সোধাই সোমবাৰৰ কেবিনেটে গ্ৰহণ কৰিছে ২৫ শতাংশ বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত।ইয়াৰ লগতে ক্ষুদ্ৰতম পৰিয়াল নীতি অনুসৰি ২০২১চনৰ পহিলা জানুৱাৰী পৰা যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব,তেওঁলোক চৰকাৰী চাকৰিৰ বাবে যোগ্যতা হেৰুৱাব।

ইয়াৰ উপৰিও ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেক গৰাকী হিতাধিকাৰীক প্ৰতি মাহে দিয়া হ'ব তিনিশ টকাকৈ। চলিত বর্ষৰপহিলা এপ্ৰিলৰ পৰা যিসকল মহিলা বিধৱা হৈছে,তেওঁলোকক ২৫ হাজাৰ টকা এককালিন সাহায্য প্ৰদান কৰিব।

ইয়াৰ সমান্তৰালকৈ ভূমিহীন খিলঞ্জীয়াক তিনিবিঘাকৈ ভূমি দিয়াৰ। বাবে নতুন ভূমি নীতি গ্ৰহণৰ সিদ্ধান্ত।ইয়াৰ উপৰিও ভূমিহীন ব্যক্তিক ঘৰ সাজিব বাবে চৰকাৰে দিব আধা বিঘাকৈ মাটি।কিন্তু এই মাটি ১৫ বছৰলৈকে কোনো হিতাধিকাৰীয়ে বিক্ৰী কৰিব নোৱাৰিব।

একেদৰে ৰাজ্যৰ নিবনুৱা সংস্থাপনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১২৭৭টা নতুন পদ সৃষ্টি কৰা হৈছে।ইফালে,ৰাজ্যত ভয়াৱহ ৰূপত দেখা দিয়া জাপানী এনকে'ফেলাইটিছ ৰোগক অন্তৰ্ভুক্ত কৰা হ'ব অটল অমৃত যোজনাত।ইয়াৰ সমান্তৰালকৈ আইচিইউৰ সুবিধাক সামৰি ল'ব অটল অমৃত যোজনাই।
 
এই কথা কেবিনেট বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Your Comments