অনশন নহয়,চৰকাৰৰ সৈতে আলোচনাৰ মাজেৰেহে সমস্যাৰ সমাধান বিচাৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই 

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত  শনিবাৰে দিনৰ ১১ বজাত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ এখন জৰুৰী সাধাৰণ সভা  অনুষ্ঠিত হয় ।শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতিৰ সভাপতি কুশল বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলাখনৰ বেতন বঞ্চিত অধিকাংশ শিক্ষক উপস্থিত আছিল । সুদীর্ঘ দিন বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকললৈ কিছু আশাৰ ৰেঙণি আহিছে বুলি জানিব পৰি শিক্ষক সকল উৎফুল্লিত হৈ পৰা দেখা যায়। উল্লেখ্য যে বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা এইসকল শিক্ষকে প্ৰাপ্য অধিকাৰৰ দাবীত ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলনৰ লগতে বহু সংখ্যক শিক্ষকে ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।এই শিক্ষক সকলে গ্রহণ কৰা আন্দোলনত জিলাখনৰ প্ৰায় ২০/২২ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে বহু অভিভাৱক আৰু শিক্ষানুৰাগী ব্যক্তিয়ে স্বতন্ত্রভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছিল ।অতি শেহতীয়াভাৱে শিক্ষক সকলৰ দীর্ঘদীনিয়া সমস্যাৰাজিৰ সমাধানৰ বাবে অসম চৰকাৰ তথা শিক্ষা বিভাগে এক উদ্যোগ গ্রহণ কৰা দেখা গৈছে ।তাৰোপৰি শিক্ষক সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰৰ ভিত্তিত যোৱা ৩ অক্টোবৰত হোৱা শুনানিত ৰাজ্যখনৰ কৰ্মৰত শিক্ষক সকলক এমাহৰ ভিতৰত এমাহৰ হলেও বেতন দিবৰ বাবে ন্যায়ালয়ে শিক্ষা বিভাগক নিৰ্দেশনা জাৰি কৰিছে ।অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক" শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতি" আৰু "সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থা"ই আদৰণি জনোৱাৰ লগতে অতি সোনকালে এই ক্ষেত্রত কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায়।

s  উল্লেখ্য যে ৰাজ্যখনৰ মুঠ ১২০৯৩ গৰাকী  বেতন বঞ্চিত শিক্ষকৰ ভিতৰত ৮৪৭০ গৰাকী শিক্ষক বৰ্তমানেও কৰ্মৰত বুলি শিক্ষা বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছে ।তথ্য অনুসৰি কিছু সংখ্যক শিক্ষক কৰ্মৰত তালিকাৰ পৰা  বাদ পৰিছে বুলি জানিব পাৰিছোঁ ।তেনে  শিক্ষকে শিক্ষা বিভাগৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি সংশোধনৰ বাবে উদ্যোগ গ্রহণ কৰিব পাৰে অন্যথা সন্থাৰ সৈতেও যোগাযোগ কৰি সংশোধনৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে ।এই ক্ষেত্রত সন্থাৰ তৰফৰ পৰা সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি  সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিছে ।
       কিন্তু অতি পৰিতাপৰ বিষয় যে এটা চক্রই এই সময়ত একাংশ শিক্ষকক বিপথে পৰিচালিত কৰি ব্যক্তি স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ ফালে গতি কৰাৰ সময়তে বিধি পঠালি দিবলৈ উঠি-পৰি লাগিছে ।যিসকল শিক্ষক কৰ্মৰত তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকক বিভাগীয় বিষয়াৰ  সৈতে যোগাযোগ তথা আলোচনা কৰি তালিকাভুক্ত কৰাৰ পৰিৱর্তে অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে প্রতিবাদৰ হুংকাৰ দিয়া কার্যক শনিবাৰে অনুষ্ঠিত হোৱা সভাখনে ধিক্কাৰ  দিয়ে ।তদুপৰি উক্ত  চক্রটোৱে অহা ১ নৱেম্বৰত মুখ্যমন্ত্রীৰ বাসগৃহৰ সন্মুখত গ্রহণ কৰা "আমৰণ অনশন"ৰ কাৰ্যসূচীত আজিৰ সভাই অংশগ্রহণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰে।এই সময়ত  সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই চৰকাৰৰ লগত সহযোগিতা আগবঢ়াই সমস্যা সমাধানৰ পোষকতা কৰিছে ।
সভাৰ শেষত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ১৯ অক্টোবৰৰ পুৱা ১০ বজাত শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত শিক্ষক সকল পুনৰ এক আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিছে ।গতিকে বেতন বঞ্চিত কৰ্মৰত সকলো শিক্ষককে উক্ত দিনা  নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবৰ বাবে সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে আহ্বান জনাইছে ।আজিৰ সভাত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হাফিজৰ  ৰহমান, জিলা সমিতিৰ উপদেষ্টা বুদ্ধেশ্বৰ গড়, কাৰ্যকৰী সম্পাদক মইনুল আহমেদকে আদি কৰি কেইবাজনো জ্যেষ্ঠ শিক্ষকে  বক্তব্য আগবঢ়ায়।

Your Comments