প্ৰদূষণ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ অন্তিম দিনটোত মহানগৰীত বন্ধ হৈ থাকিল ৩৬ টাকৈ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ:গুৰুত্ব নাই পৰিবহণ বিভাগৰ

Pic

নতুন 'যান-বাহন আইন-২০১৯' কাৰ্যকৰী হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত দেখা গৈছে ব্যাপক পৰিৱৰ্তন। প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বাবে বহুসংখ্যক যান-বাহন আজি ৰাজ্যৰ ৰাজপথৰ পৰা হঠাৎ নোহোৱা হোৱাৰ উপক্ৰম ঘটিছে।বিশেষকৈ ৰাজ্যৰ অধিকাংশ যান-বাহনৰ প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নথকাৰ বাবে পূৰ্বতে মৃতপ্ৰায় অৱস্থাত থকা চৰকাৰৰ অনুমোদিত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহ হঠাৎ হৈ উঠিছে কাৰ্যক্ষম।অধিকাংশ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰতে নতুন আইনখন কাৰ্যকৰী হোৱাৰে পৰা প্ৰতিদিনে দেখিবলৈ পোৱা গৈছে প্ৰদূষণ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ বাবে দীঘলীয়া শাৰী।

ইফালে,প্ৰদূষণ পৰীক্ষাৰ কেন্দ্ৰসমূহত জনসাধাৰণ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহণ বিভাগে আইন কাৰ্যকৰী হোৱাৰ পিছতো যান-বাহনৰ গৰাকীসকলক প্ৰদূষণ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ বাবে অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰিছিল ৯ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটো।ইয়াৰ পিছত যদি কোনো বাহনৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকে,তেন্তে ভৰিব লাগিব নতুন যান-বাহন আইন ২০১৯ অনুসৰি বৃহৎ জৰিমনা বুলি জাননী জাৰি কৰিছিল।কিন্তু আচৰিত কথা এই যে চৰকাৰৰ অনুমোদিত মহানগৰীৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহ দুৰ্গা পূজাৰ আলম লৈ আজিৰ অন্তিম দিনটোত জাননীবিহীনভাৱে বন্ধ কৰি ৰখা হৈছে। ইয়াৰ ফলত পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে যান-বাহনৰ গৰাকীসকলে নিজৰ নিজৰ বাহনসমূহ প্ৰদূষণ পৰীক্ষা কৰিবলৈ আহি নিৰাশাৰে উভতি যাব লগা হৈছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীত চৰকাৰৰ অধীনষ্ঠ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ বৰ্তমান সময়ত আছে ৪৫টা।তাৰে ৯টা বিকল হৈ থকাৰ বিপৰীতে কাৰ্যক্ষম হৈ থকা বাকী ৩৬টা কেন্দ্ৰ বুধবাৰৰ দিনটোত বন্ধ হৈ থাকিল।

গুৰুত্বপূৰ্ণ কথা এই যে দুৰ্গা পূজা উপলক্ষে  চৰকাৰী নিয়ম অনুসৰি ৫ ৰ পৰা ৮ অক্টোবৰলৈকে বন্ধ। কিন্তু আজি ৯ অক্টোবৰৰ দিনটোতো খোদ মহানগৰীতে কেন্দ্ৰসমূহ বন্ধ কৰি থৈ দিয়াত ক্ষোভ প্ৰকাশ কৰিছে বাহনৰ গৰাকীসকলে। তেওঁলোকৰ অভিযোগ-'কেন্দ্ৰসমূহৰ লগত পৰিবহন বিভাগে মিতিৰালী কৰি আজি অন্তিম দিনটোত বন্ধ ৰাখিছে পৰীক্ষণ কেন্দ্ৰসমূহ।কাৰণ নিৰ্দিষ্ট তাৰিখৰ ভিতৰত পৰীক্ষণ নকৰিলে যান-বাহনৰ গৰাকীসকলে ভৰিব লাগিব জৰিমনা।এই জৰিমনাৰে ৰাজকোষ টনকিয়াল হ'ব।'

আনহাতে,লক্ষণীয় কথা এই যে প্ৰয়োজনীয় নথি-পত্ৰ নথকা বাহনসমূহক নাকী লগোৱাৰ বাবে আজিৰ দিনটোতো অব্যাহত আছে আৰক্ষীৰ তালাচী।

Your Comments