শিক্ষা বিভাগৰ বিৰুদ্ধে ঠিকাভিত্তিক টেট শিক্ষকৰ ধৰ্ণাত ব্যাহত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান

tet

কণ-কণ ছাত্ৰ-ছাত্ৰীক শ্রেণীকক্ষতে এৰি ৰাজ্যৰ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীৰ বঞ্চনাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি ধৰ্ণাত বহিল ৰাজ্যৰ ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক। পুৱা ১০.৩০বজাত ৰাজ্যৰ প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত ঠিকাভিত্তিক টেট শিক্ষকসকলে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰে ধৰ্ণা কাৰ্যসূচী। ৰাজ্যৰ মুঠ ৩৩ খন জিলাৰ ১৮৩টা খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত হোৱা এই ধৰ্ণা কাৰ্যসূচীলৈ মুকলি সমৰ্থন আগবঢ়াই ৰাজ্যিক শিক্ষক সন্মিলনী,মধ্য ইংৰাজী টেট শিক্ষক সন্থা,মজলীয়া শিক্ষক সন্থা,মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শিক্ষক সন্থাই।তেওঁলোকৰ প্ৰতিনিধিসকলেও ঠিকাভিত্তিক টেট শিক্ষকসকলৰ সৈতে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ ধৰ্ণা কাৰ্যসূচীৰ ফলত শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ বহুসংখ্যক প্ৰাথমিক বিদ্যালয়ত সম্পূৰ্ণৰূপে ব্যাহত হয় পাঠদানৰ কাৰ্যসূচী।ইফালে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে টেট শিক্ষকসকলে জিলা খণ্ড বিষয়াৰ জৰিয়তে তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ পৃথকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰে।

ইফালে,আজিৰ ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত সদৌ অসম প্ৰাথমিক টেট শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয়-'এই ধৰ্ণা কাৰ্যসূচীৰ পিছত শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগে চলিত ছেপ্টেম্বৰ মাহৰ ভিতৰতে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে জিলা খণ্ড প্ৰাথমিক বিদ্যালয়ত 'তলা বন্ধ' কাৰ্যসূচী ৰূপায়ণ কৰিব।

Your Comments