নিউজ ডেস্ক:
প্ৰকাশিত এনআৰচিক লৈ মৌনব্ৰত পালন কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতি প্ৰকাশ পালে।দেওবাৰে উত্তৰ-পূব পৰিষদৰ সন্মিলনলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিজেপিৰ ৰাজ্যিক নেতৃত্বসহ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশিত এনআৰচি সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰদান কৰে।এই স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগে লগে প্ৰকাশিত হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ এনআৰচিৰ সন্দৰ্ভত স্থিতি।
উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক নেতৃত্বই প্ৰকাশিত এনআৰচিত লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে লাখ লাখ স্বদেশীৰ নাম বাদ পৰা বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে।আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰাত স্মাৰকপত্ৰৰ কথাখিনিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতি হিচাপে প্ৰতিফলিত হ'ল।
আনহাতে,স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ গৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ সজাতী দলটোৱে আধাঘণ্টাৰো অধিক সময় প্ৰকাশিত এনআৰচিক লৈ গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়।
স্মৰ্তব্য যে যোৱা ৩১আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সোণোৱালে এনআৰচিক জাতীয় দলিল হিচাপে আখ্যা দিছিল।
ইফালে,স্মাৰকপত্ৰ গ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে '৭১ চনৰ আগত অহা কোনো ভাৰতীয়ৰ নাম বাদ নপৰে আৰু কোনো বিদেশী ভাৰতত থাকিব নোৱাৰিব বুলি আশ্বাস দিয়া বুলি উল্লেখ কৰে সভাপতি ৰঞ্জিত দাসে।
- Log in to post comments
- 59 views