বিজেপি চৰকাৰে ১০০ দিনৰ কৰ্মসূচী কথা কৈ ৰাইজক আভুৱা ভৰি আহিছে : ৰকিবুল

roky

নিউজ ডেস্ক:

কেন্দ্ৰীয় মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালে দেওবাৰে সম্পূৰ্ণ কৰিলে ১০০দিনৰ কৰ্মসূচী। চৰকাৰৰ এই ১০০ দিনৰ কৰ্মসূচীক লৈ সন্তুষ্ট নহয় কংগ্রেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন। চৰকাৰৰ এশ দিন কৰ্মসূচীক লৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক। তেওঁ কয় বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দুই কোটি চাকৰি দিয়াৰ কথা কৈছিল কিন্তু এতিয়া চৰকাৰ গঠন কৰি ২ কোটি চাকৰি কৰ্তনহে কৰিছে।

দেওবাৰে অসম কেৰম ফেডাৰেচনৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি লৈ হুছেইনে বিজেপি চৰকাৰৰ ১০০ দিনৰ কৰ্মসূচীৰ বিৰুদ্ধে সৰৱ হৈ কয়, "বিজেপি চৰকাৰে ১০০ দিনৰ কৰ্মসূচী কথা কৈ ৰাইজক আভুৱা ভৰি আহিছে। তেওঁলোকে আজি ১০০ দিন সম্পূৰ্ণ হোৱাৰ কৰ্মসূচী হিচাপ দি ৰাইজৰ আগত যোৱা পাঁচ বছৰৰ তেওঁলোকৰ ব্যৰ্থতাৰ ছবিখন ঢাকিবলৈ চেষ্টা কৰিছে"। লগতে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় যোৱা পাঁচ বছৰত তেওঁলোকে যিবোৰ উদ্দেশ্য আৰু প্ৰতিশ্ৰুতি লৈ শাসনলৈ আহিছিল আজি সেই প্ৰতিশ্ৰুতি আৰু উদ্দেশ্যসমূহ ৰূপায়ণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰ্তমান সময়ত ৰন্ধন গেছৰ পৰা আদি পেট্ৰল-জিজেলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ লগতে দেশৰ অৰ্থনীতি যি হাৰত অৱনমিত হৈছে ইয়াৰ দ্ধাৰাই তেওঁলোকৰ ব্যৰ্থতাৰ ছবিখন পৰিষ্ফুট হৈছে। আনহাতে কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিৰ বহুতো নেতাই ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিল। সেই ৰাজপথত ছিলিণ্ডাৰৰ লৈ প্ৰতিবাদ কৰাৰ মানুহবোৰে এতিয়া চৰকাৰৰ গঠন কৰিলে। কিন্তু তেওঁলোকৰ চৰকাৰৰ দিনতে এতিয়া ইন্ধনৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি এতিয়া নতুন নতুন ৰেকৰ্ড গঢ়ি আছে বুলি তেওঁ উল্লেখ কৰে। আজি অনুষ্ঠিত অসম কেৰম ফেডাৰেচনৰ সাধাৰণ সভাতে নতুন কমিটী গঠন কৰি ৰকিবুল হুছেইন পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। এই সভাত অল ইণ্ডিয়া কেৰম ফেডাৰেচনৰ নিৰীক্ষক ভৰতী নাৰায়ণ উপস্থিত  থাকে।

 

Your Comments