চিৰাঙৰ বিজনীত ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত দুদিনীয়াকৈ "সমন্বয় দিৱস" উদযাপন

bijni

বঙাইগাঁওঃ
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শনিবাৰে চিৰাং জিলাৰ বিজনী মহাবিদ্যালয় প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস উদযাপন কৰা হৈছে । ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বিজনী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত উদযাপন কৰা সমন্বয় দিৱস উপলক্ষে আজি প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি ড° মংগল সিং হাজোৱাৰীয়ে। সমান্তৰালভাৱে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰহাসগিৰি বসুমতাৰীয়ে মহাবিদ্যালয়খনৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে বিজনী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে আদৰণী সমিতিৰ সভাপতি তথা বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে। লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আন একাংশ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৯৩ খন পতাকা উত্তোলন কৰা হয়। ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি ড° মংগল সিং হাজোৱাৰীয়ে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ইপিনে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা ৷bhupen da

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে নিজৰ ভাষণত সুধাকণ্ঠনক সমন্বয়ৰ বাহক বুলি কয় ৷ তেওঁ কয় যে সমন্বয়ৰ কথা কোৱা সহজ, কিন্তু সেই সমন্বয় তথা উদাৰতাক মানুহৰ মাজলৈ কঢ়িয়াই নিয়াটো কঠিন ৷ কিন্তু ভূপেন হাজৰিকাই নিজৰ গীতেৰে মানুহৰ মাজলৈ সেই সমন্বয় কঢ়িয়াই নিবলৈ সক্ষম হৈছিল ৷ গোস্বামীয়ে আৰু কয় যে মানুহৰ হৃদয়ত স্থান পোৱা আৰু বুৰঞ্জীত স্থান পোৱা একে কথা নহয় ৷ ভূপেন হাজৰিকাই মানুহৰ হৃদয়ত স্থান পাইছিল ৷ তাৰোপৰি ভূপেন হাজৰিকাই অকল প্ৰতিভাৰ বলত পৃথিৱী বিখ্যাত হোৱা নাই ৷ প্ৰতিভাৰ লগতে ভূপেন হাজৰিকাৰ যিটো গুণ আছিল সেইটো হ'ল উদাৰতা ৷ উদাৰতা থকাৰ বাবেই সুধাকণ্ঠই সকলো জাতি- জনগোষ্ঠীৰ লোককে আঁকোৱালি লৈছিল ৷ সেয়ে  ভূপেন হাজৰিকাৰ স্বাস্বত বাণীসমূহ নৱ প্ৰজন্মৰ মাজত বিলাই দিয়াৰ বাবে সকলোকে আহ্বান জনায় ৷ লগতে সকলো জাতি  - জনগোষ্ঠীৰ লোকসকলে একেলগে আগুৱাই গ'লেহে অসম আগুৱাই যাব বুলিও মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে ভাষণত কয় যে যোৱা আঠ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা ভাৰত ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত বাজি উঠাত তথা এজন অসমীয়াৰ গীত ৰাষ্ট্ৰপতি ভৱনত বাজি উঠাত তেওঁ গৌৰৱ অনুভৱ কৰা বুলিও উল্লেখ কৰে ৷ সভাত বিশিষ্ট লেখিকা তথা সাহিত্যিক- সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে 'ভূপেন্দ্ৰ জ্যোতি ' শীষৰ্ক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ আনহাতে লেখক পুলিন কলিতাৰ 'অমিয় পুৰুষ ' আৰু বিজনী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে সম্পাদনা কৰি উলিওৱা কবিতা পুথি 'কবিতা মালিকা' নামৰ গ্ৰন্থ দুখন আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে উন্মোচন কৰে ৷ সভাত অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰশান্ত ৰাজগুৰুৱে নিজৰ ভাষণত কয় যে ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিয়ে অতীজৰে পৰা এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে আৰু আগলৈ কঢ়িয়াই থাকিব ৷bhupen da2

উল্লেখ্য যে এই মুকলি সভাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা প্ৰখ্যাত ভাস্কৰ্য শিল্পী ড° জনক ঝংকাৰ নাৰ্জাৰীলৈ গৌৰাং - ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কৰে অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথি হৃষীকেশ গোস্বামীয়ে ৷ সভাত ন্যাসৰ সভাপতি ড°মংগল সিং হাজোৱাৰী, যুটীয়া সম্পাদক মনীষা হাজৰিকা, মঞ্জুলা হাজৰিকা, উদযাপন সমিতিৰ হৈ বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সম্পাদক ড° বীৰহাসগিৰি বসুমতাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, বিশিষ্ট লেখক পুলিন কলিতাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ ইপিনে মুকলি সভাৰ পূৰ্বে সমন্বয় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সুধাকণ্ঠৰ জীৱন পৰিক্ৰমাৰ আলোকচিত্ৰ প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপনীৰ দ্বাৰ মুকলি কৰে অতিৰিক্ত উপায়ুক্ত তথা বিজনী মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ৷ আনহাতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণু কমল বৰাই ৷ সেইদৰে যশস্বী চলচ্চিত্ৰ নিৰ্মাতা- পৰিচালক, প্ৰযোজিকা তথা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তদানীন্তন অধ্যক্ষ কল্পনা লাজমীৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছ পুলি ৰোপন, বিশিষ্ট শিল্পীৰ দ্বাৰা সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশন কাৰ্যসূচী অনুষ্ঠীত হয় ৷ কাইলৈ দ্বিতীয় দিনা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সুধাকণ্ঠৰ গীতৰ মুকলি আলোচনা সভা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত অভিনেতা বিজয় শংকৰ দাসক মৰণোত্তৰভাৱে ভূপেন হাজৰিকা হিতৈষী বঁটা প্ৰদান কৰা হ'ব ৷

Your Comments