শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।৩ চেপ্তেম্বৰ মঙ্গলবাৰে ঐক্য সেনাৰ শিৱসাগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত ৪ চেপ্তেম্বৰ বুধবাৰে পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত শৰ্মাই। স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই। ইয়াৰ পিছতেই পৰিমল বৰা আৰু সংগীবৃন্দই পৰিবেশন কৰা গুৰুজনাৰ এটি বৰগীতেৰে মুকলি সভা আৰু বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।
মুকলি সভাত সভাপতিত্ব কৰে ঐক্য সেনাৰ ৰাজ্যিক সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মাই। সভাত সাম্প্ৰতিক কালত অৰ্থসামাজিক প্ৰেক্ষাপটত জাতীয়তাবাদ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰ জ্যোতি মহন্তই কয়, স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ জাতীয়তাবাদ অধিক শক্তিশালী আছিল। তেওঁৰ জাতীয়তাবাদত দেশপ্ৰেম, কৰ্মশক্তি, জাতীয় ঐক্য আৰু সংহতি আছিল। আন এক প্ৰসংগত উগ্ৰ জাতীয়তাবাদ পৰিহাৰ কৰি বস্তুনিষ্ঠ, যুক্তিনিষ্ঠ বিশ্লেষণাত্মক হ'ব লাগে বুলিও তেওঁ মন্তব্য কৰে।
সন্ধিয়া অসমৰ ক্ৰীড়া, কলা সংস্কৃতি, সামাজিক, সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা কবি-সাহিত্যিক প্ৰেম গগৈ, ভাস্কৰ্য শিল্পী দূৰ্লভ বড়া, প্ৰবীন খেলুৱৈ মহিশ্ৰী সন্দিকৈ, সাংবাদিক জয়জ্যোতি গগৈ, ক্ৰীড়া সংগঠক দেৱজ্যোতি দত্ত, উদীয়মান সংগীত শিল্পী প্ৰত্যাশী কলিতা, প্ৰকৃতিপ্ৰেমী সমীৰণ হাতীমূৰীয়াকে ধৰি ২১ গৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।
সম্বৰ্দ্ধনা অনুষ্ঠানৰ পিছতে এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । য'ত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী দেৱজিত বড়াই গীত পৰিবেশন কৰে ।
- Log in to post comments
- 24 views