'ডিজিটেল পাঠ্যক্ৰম'ৰ যুগত গুৱাহাটীৰ ধীৰেণপাৰা প্ৰাথমিক বিদ্যালয়ত বস্তাত বহি বিদ্যাৰ্থীৰ শিক্ষা গ্ৰহণ

student

যিসময়ত দেশৰ বিভিন্ন ৰাজ্যত 'ডিজিটেল পাঠ্যক্ৰম'ৰ ব্যৱস্থা কৰা হৈছে,সেই সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্গত গুৱাহাটীৰ ধীৰেণপাৰা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বস্তাত বহি গ্ৰহণ কৰিব লগীয়া হৈছে শিক্ষা।১৯৫৮ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে গুণোৎসৱতো লাভ কৰিছিল 'এ গ্ৰেড'।কিন্তু ইমানৰ পিছতো বিদ্যালয়খনত নাই ছাত্ৰ-ছাত্ৰীৰ বাবে ন্যূনতম সা-সুবিধা।চৰকাৰী বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই প্ৰয়োজনীয় ডেক্স-বেঞ্চ।ফলত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ মজিয়াত বস্তা পাৰি গ্ৰহণ কৰিব লগা হয় শিক্ষা। 

বিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বৰ্তমান সময়ত ৪৬৮ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত ডেক্স-বেঞ্চৰ অভাৱৰ বাবে বিগত ১০-১৫ বছৰে চতুৰ্থ আৰু পঞ্চম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বস্তাত বহি শিক্ষা গ্ৰহণ কৰিছে।ইয়াৰ উপৰিও পুৰণি বিদ্যালয়খনত মুঠ ৯টা শ্রেণী কোঠা আছে যদিও বৰ্তমান সময়ত তাৰে দুটা কোঠা জৰাজীৰ্ণ হৈ পৰিছে।ফলত চাৰি শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ৭টা কোঠাতে শিক্ষা প্ৰদান কৰিব লগা হৈছে।ইয়াৰ উপৰিও কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বিদ্যালয়খনত চিলিং আৰু টিনপাতবোৰ বেয়া হোৱাৰ বাবে বৰষুণ দিলে মজিয়াত পানী পৰে।

বিদ্যালয়খনত বৰ্তমান সময়ত চৌহদত দেৱাল নাই।পূৰ্বতে বিদ্যালয়খনত দেৱাল আছিল যদিও ২০১৭ চনত পথ নিৰ্মাণৰ নামত দেৱালখন ভাঙি দিয়া হৈছিল। পথ নিৰ্মাণ সম্পূৰ্ণ হ'লে দেৱালখন নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল বিভাগটোৱে।কিন্তু পথ নিৰ্মাণ সম্পূৰ্ন হ'ল যদিও আজিও নিৰ্মাণ কৰা নহ'ল দেৱালখন।

ইফালে,মুঠ ১২গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনত বৰ্তমান সময়ত ৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়েহে পাঠদান কৰিবলৈ আহে।কাৰণ দুগৰাকী শিক্ষাগুৰু এনআৰচিৰ কামত আৰু দুগৰাকী শিক্ষক বৰ্তমান সময়ত ছুটিত আছে।ফলত বৰ্তমান বিদ্যালয়খনত অভাৱ হৈ আছে শিক্ষাগুৰুৰ।

এতিয়া প্ৰশ্ন হয়, যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়নৰ কথা কয়,সেই সময়ত এই বিদ্যালয়খনৰ দুৰাৱস্থা দেখি বিভাগৰ ভাবিবলৈ সময় হ'ব নে? বৰ্তমান সময়ত সেইটোৱে ডাঙৰ প্ৰশ্ন।

Your Comments