কবি নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় "ডি লীট" ডিগ্ৰী প্ৰদান

nilamani

নিউজ ডেস্ক :

আশীৰ উদ্ধৰ বিশিষ্ট কবি নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সোমবাৰে প্ৰদান কৰে সন্মানীয় 'ডি লিট' ডিগ্ৰী।

আজি বিশ্ববিদ্যালয়খনে আগবঢ়োৱা এই সন্মান সন্দৰ্ভত  বিশিষ্ট কবি গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে "মৈত্ৰী,মমতা, মনুষ্যত্ব, সত্য, সৌন্দৰ্য মানৱতাৰ সাধনাই কবিৰ সাধনা।লগতে কয় এগৰাকী কবিৰ বাবে সৃষ্টিৰ আনন্দৰ সমান কোনো সন্মান বা পুৰস্কাৰ হব নোৱাৰে"। 
ইয়াৰ উপৰিও তেওঁ আজি এই বিশেষ দিনটোতে অতীত ৰোমন্থন কৰি কয় "বিগত ৬০টা বছৰে মই যে অসমীয়া ভাষা সাহিত্য-সংস্কৃতি চর্চা কৰিলোঁ তাত কোনো ফাঁকি নাই"।

কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰি প্ৰভাৱ থকা বিশিষ্ট কবি নীলমণি ফুকনে ইয়াৰ পূৰ্বে সাহিত্য অকাডেমী সন্মানেৰে সন্মানিত হোৱাৰ লগতে অসম সাহিত্যৰ সভাৰ পৰা "অসমৰ জাতীয় কবিৰ মৰ্যাদা" য়ো লাভ কৰিছে।

ইফালে সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশিষ্ট কবি গৰাকীক এই সন্মান প্ৰদান কৰাৰ কথা বিয়পি পৰাৰ লগে-লগে কবি গৰাকীক গুণমুগ্ধই শুভেচ্ছাৰে উপচায় পেলাইছে।

Your Comments