আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰালয়ৰ তত্ত্বাৱধানত পৰিচালিত উত্তৰ প্ৰদেশৰ নইডা চহৰত অৱস্থিত 'ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউট'ত আজিৰে পৰা ২৩ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শ্ৰমিকৰ প্ৰয়োজনীয় আইন সন্দৰ্ভত পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে ৷
এই কাৰ্যসূচীত অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা 'যুৱ প্ৰয়াস'ৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে সমাজকৰ্মী ক্ৰমে পৰমানন্দ দাস,মহেশ কলিতা,বিশ্বজিত ৰাভা,মেঘালী ৰাভা,দময়ন্তী বড়ো,সত্যজিত ৰাভা,পৱিত্ৰ দাস,নাজিম আলী, ৰচমিল আলি, বাবুল ক্ৰো, ৰিংকু ফাংচো, জবা বসুমতাৰী, ৰেখা ৰাহাং আৰু প্ৰমীলা ৰাহাং৷
উক্ত প্ৰশিক্ষণত উত্তৰ- পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ক্ৰমে অসম,মণিপুৰ,ত্ৰিপুৰা, মেঘালয়ৰ মুঠ ৫৭ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 32 views