গুৱাহাটীত মলত বান সাহায্য সংগ্ৰহ কৰিবলৈ যোৱা সংগঠনৰ সদস্য আটক

assam

বানৰ মহাপ্ৰলয়ে সমগ্ৰ ৰাজ্যৰ ৫০ লাখৰো অধিক লোকক দিশহাৰা কৰাৰ পিছত এতিয়া ৰজাৰ পৰা প্ৰজালৈকে সকলোৰে মুখত বান সাহায্য প্ৰসংগ।কোনো কোনো অনুষ্ঠান তথা সংগঠনে যদি  বানাক্ৰান্তসকলক সাময়িকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে ইতিমধ্যে বিতৰণ কৰিছে বান সাহায্য। কিছু সংগঠনে বানাক্ৰান্তসকলৰ চিকিৎসাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আৰম্ভ কৰিছে চিকিৎসা শিবিৰ। কিন্তু,তাৰ মাজতে কোনো কোনো অশুভ চিন্তাৰ অনুষ্ঠান তথা ব্যক্তিয়ে বানাক্ৰান্তক সহায় কৰাৰ লেবেল লগোৱা দুখনমান বেনাৰ-দুটামান সাহায্যপুঁজি সংগ্ৰহৰ বাকচ লৈ এতিয়া ৰাজপথে-ৰাজপথে সাহায্য সংগ্ৰহ কৰাৰ নামত কৰিছে গুণ্ডাগিৰী।আনহে নালাগে এনে সংগঠন তথা ব্যক্তিয়ে বানাক্ৰান্তক সাহায্য দিয়াৰ বাবে আজি ৰাজপথে- ৰাজপথে ধন সংগ্ৰহ কৰি আছে,তাৰে অধিকাংশ সংগঠনৰে সাহায্য সংগ্ৰহ কৰাত নাই প্ৰশাসনৰ অনুমতি।প্ৰশাসনৰ অনুমতি অবিহনে অসাধু দল-সংগঠন,ব্যক্তিসকলে সংগ্ৰহ কৰা ধন আৰু সাহায্য ৰাজ্যৰ বানাক্ৰান্তসকলৰ ওচৰ গৈ পাব নাই,সেয়াও সন্দেহৰ আৱৰ্তত।


ইফালে,গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে বান সাহায্য সংগ্ৰহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক  হ'ব লগা হৈছে এটা সংগঠনৰ ৭ গৰাকী সদস্য।প্ৰাপ্ত তথ্য অনুসৰি  'খিলঞ্জীয়া অধিকাৰ মঞ্চ' নামৰ  সংগঠনটোৱে বৃহস্পতিবাৰে বান সাহায্য সংগ্ৰহ কৰাৰ বাবে মহানগৰীৰ শ্ব'হাম নামৰ মলখনত প্ৰৱেশ কৰিছিল।তাৰ পিছতে মলখনৰ কৰ্তৃপক্ষক সংগঠনটোৱে বলপূৰ্বকভাৱে বান সাহায্য দাবী কৰা বুলি অভিযোগ উত্থাপন হয়।তাৰ পিছতে দুয়োপক্ষৰ মাজত আৰম্ভ হয় তৰ্কা-তর্কি।পিছত আৰক্ষী উপস্থিত হৈ খিলঞ্জীয়া অধিকাৰ মঞ্চৰ অমৃত শৰ্মাসহ ছয়জন সদস্যক আটক কৰে।


এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তই ঘোষণা কৰিছে প্ৰশাসনৰ অনুমতি অবিহনে কোনো লোকে সংগ্ৰহ কৰিব নোৱাৰিব বান সাহায্য।

Your Comments