পৰ্যটন বিভাগৰ ঘোষণা অসাৰ:অম্বুবাচী মেলাৰ ১০ দিনৰ পিছতো অপৰিস্কাৰ সোণাৰাম বিদ্যালয়ৰ খেলপথাৰ

dirty

পৰ্যটকক অধিক আকর্ষণ কৰাৰ বাবে বিগত বর্ষসমূহতকৈ অধিক ব্যয়বহুলভাৱে যোৱা ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অসম চৰকাৰৰ পৰ্যটন বিভাগে আয়োজন কৰিছিল অম্বুবাচী মেলা।অসম চৰকাৰৰ পৰ্যটন বিভাগে অম্বুবাচীৰ মেলা আয়োজনৰ পূৰ্বে সংবাদমেল পাতি ঘোষণা কৰিছিল অম্বুবাচীৰ বাবে অধিগ্ৰহণ কৰা সকলো ঠাই কাৰ্যসূচী শেষ হোৱাৰ পাছতে চাফা-চিকুণ কৰা হ'ব। আনহে নালাগে,অসম ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অম্বুবাচীৰ সময়ছোৱাত আৰু অম্বুবাচীৰ সামৰণি পৰাৰ পিছত ঠাইসমূহ পৰিষ্কাৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিব লগীয়া পদক্ষেপসমূহৰ কথাও সদম্ভে ঘোষণা কৰিছিল।কিন্তু অতি দুৰ্ভাগ্যজনক যে অম্বুবাচীৰ পূৰ্বে ঘোষণা কৰা পৰ্যটন বিভাগৰ পদক্ষেপসমূহ আজি কেৱল ঘোষণাতে  থাকিল। 


অম্বুবাচীৰ লগত সংগতি ৰাখি পৰ্যটন বিভাগে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা ২১ জুনৰ পৰা ২৮ জুনলৈকে আয়োজন কৰিছিল দেৱী ভাগৱত পাঠ অনুষ্ঠানৰ।উক্ত অনুষ্ঠান শেষ হোৱাৰ আজি দহটা দিন উকলি গ'ল যদিও গুৱাহাটী পৌৰ নিগমে আজিলৈকে পৰিষ্কাৰ নকৰিলে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ।এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই আয়োজক ৰাজ্যৰ পৰ্যটন বিভাগৰো। ফলত ঐতিহাসিক বিদ্যালয়খনৰ খেলপথাৰত এতিয়া এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। চাৰিওফালে এতিয়া পৰি ৰৈছে প্লাষ্টিকৰ পৰা আৰম্ভ কৰি বিভিন্ন আৱৰ্জনা।
 

উল্লেখ্য  যে খেলপথাৰখনলৈ প্ৰত্যেক দিনে একাংশ লৰা-ছোৱালী খেল-ধেমালি কৰাৰ বাবে আহে যদিও খেল পথাৰখন এতিয়া অপৰিষ্কাৰ হৈ থকাৰ বাবে তেওঁলোক খেলা-ধূলাত সমস্যাই দেখা দিছে।

Your Comments