নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ  গুৱাহাটীত স্বচ্ছতা সজাগতা অভিযান

north

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত যোৱা ১জুলাইৰ পৰা আৰম্ভ হৈছে স্বচ্ছতা পষেক অভিযান। সেই অভিযানলৈ পূৰ্ণ সহযোগ আগবঢ়াই 'নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্ট'-য়েও গুৱাহাটীৰ মহানগৰীত স্বচ্ছতা সম্পৰ্কে জনসজাগতা অভিযান আৰম্ভ কৰিছে। তাৰ প্ৰথম পদক্ষেপ হিচাপে অহা ৭ জুলাইত মহানগৰীৰ তিনিখন আগশাৰীৰ চৰকাৰীৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ মহানগৰীৰ ছয়টা গুৰুত্বপূৰ্ণ স্থানত প্রদর্শন কৰিব বাটৰ নাট আৰু মুকাভিনয়।জনসাধাৰণক স্বচ্ছতাৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে প্ৰদর্শন কৰিব লগা এই বাটৰ নাট আৰু মুকাভিনয়ত অংশগ্ৰহণ কৰিব কামৰূপ একাডেমী, উজানবজাৰ চৰকাৰীৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কটন কলেজিয়েটৰ  একাংশ ছাত্ৰ-ছাত্ৰীয়ে।এই কথা গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ মুখ্য  পৰিচালিকা ৰীচা বৰুৱাই। লগতে কয় যে মুকাভিনয় আৰু বাটৰ নাট প্রদর্শন কৰিব লগা ছাত্ৰ-ছাত্ৰীসকলক যোৱা ১ জুলাইৰ পৰা প্ৰশিক্ষণ দি থকা হৈছে। অহা ৭ জুলাইৰ দিনা আবেলি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত বাটৰ নাট আৰু মুকাভিনয় প্ৰদৰ্শন কৰিব লগা ঠাইসমূহ হৈছে শ্ৰদ্ধাঞ্জলি কানন, নেহৰু পার্ক, দীঘলীপুখুৰী, চেণ্ট্ৰেল ম'ল, ৰুদ্ৰাক্ষ ম'ল আৰু ষ্ট্ৰীটজা।


ইয়াৰ উপৰিও আজি সংবাদমেলত জানিবলৈ দিয়া অনুসৰি জনসাধাৰণৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ কৰা বাবে অহা ৮ আৰু ৯ জুলাইত স্বচ্ছতাক মূল বিষয়বস্তু হিচাপে লৈ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চুটিগল্প লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। সেই প্ৰতিযোগিতাত বিজয়ীসকলক পুৰষ্কৃত কৰাৰ লগতে শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা চুটিগল্পসমূহ ট্ৰাষ্টৰ ফালৰ পৰা প্ৰচাৰ কৰাৰো ব্যবস্থা কৰিব বুলি জানিবলৈ দিয়ে।


একেদৰে অহা ১৩ আৰু ১৪ জুলাইত তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ দ্বাৰা স্বচ্ছতাৰ প্ৰতীক হিচাপে লৈ বিদ্যালয়কেইখনৰ চৌহদৰ দেৱালত ছবি অংকণ কৰা হ'ব বুলি আজি সংবাদমেলত জানিবলৈ দিয়ে।
 

সংবাদ মেলত অইল ইণ্ডিয়া লিমিটেডৰ টেলিকম বিভাগৰ উপ-মহাপ্ৰৱন্ধক অৰিন্দম দাস, অইল ইণ্ডিয়া লিমিটেডৰ টেলিকম বিভাগৰ বিষয়া তৃষ্ণা ৰাও, নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ ডঃ ইন্দ্ৰানী দত্ত প্ৰমুখ্যে ট্ৰাষ্টৰ বহুকেইজন সদস্য উপস্থিত থাকে।

Your Comments