ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে এতিয়া দলটোত আৰম্ভ হৈছে নেতৃত্বৰ পদত্যাগৰ জোৱাৰ।ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত এইবাৰ দলটোৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা হৰিশ ৰাৱাতে।টুইটাৰযোগে পদত্যাগ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে উত্তৰাখণ্ডৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।টুইটাৰত তেওঁ উল্লেখ কৰে যে ৰাহুল গান্ধী কংগ্ৰেছ দলৰ অধ্যক্ষ হৈ থকাটো উচিত, যাতে ২০২৪ চনত দলটোৱে বিজেপিৰে সৈতে মুখামুখী হ'ব পাৰে।'
লগতে,তেওঁ টুইটাৰত উল্লেখ কৰিছে-'দলৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ মোৰ দৰে মানুহৰ পদৰ প্ৰয়োজন নাই।কিন্তু প্ৰেৰণা দিব পৰা মানুহৰ দলটোত আৱশ্যক আছে।যিটো গুণ কেৱল ৰাহুল গান্ধীৰ মাজতে আছে।তেওঁৰ হাতত নেতৃত্বৰ বাঘজৰী থাকিলে ২০২৪ চনত বিজেপি আৰু মোডীক পৰাস্ত কৰি পৰা যাব।তাৰ বাবে ৰাহুল গান্ধীক সকলোৱে অধ্যক্ষ হৈ থকাটো বিচাৰে।'
ইফালে,বিগত লোকসভা নিৰ্বাচনত দলৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত তেওঁ টুইটাৰত উল্লেখ কৰে- 'নিৰ্বাচনত কংগ্ৰেছ দলটোৰ পৰাজয়ৰ,সাংগঠনিক দুৰ্বলতাৰ বাবে আমি দলটোৰ পদাধিকাৰসকল জগৰীয়া।অসম প্ৰদেশৰ শোচনীয় পৰাজয়ৰ বাবে তত্বৱধায়ক হিচাপে মই জৱাবদিহী।'
- Log in to post comments
- 18 views