ডিজিটেল ইণ্ডিয়াই সমগ্ৰ দেশক ইণ্টাৰনেটৰ জৰিয়তে সংযোগ ঘটাব- অশোক শৰ্মা

ডিজিটেল ইণ্ডিয়াই সমগ্ৰ দেশক ইণ্টাৰনেটৰ জৰিয়তে সংযোগ ঘটাব- অশোক শৰ্মা

ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ উদ্যাগত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত মঙলদৈ লোকসভা সমষ্টিৰ তথ্য-প্ৰযুক্তি আৰু ছ'চিয়েল মিডিয়া অভিৱৰ্তন আৰু কৰ্মশালাখন আজি অনুষ্ঠিত হয় ।

ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা উপস্থিত থাকে ।

শৰ্মাই ডিজিটেল ইণ্ডিয়াৰ সম্পৰ্কত বক্তব্য ৰাখি কয় যে ডিজিটেল ইণ্ডিয়াই দেশৰ সমগ্ৰ গাঁও আৰু চহৰসমূহক ইণ্টাৰনেটৰ জৰিয়তে সংযোগ কৰাৰ সুবিধা উপলদ্ধ কৰাব ।

ডিজিটেল ইণ্ডিয়াই সমগ্ৰ দেশক ইণ্টাৰনেটৰ জৰিয়তে সংযোগ ঘটাব- অশোক শৰ্মা

ডিজিটেল ইণ্ডিয়া হৈছে ভাৰতত তথ্য-প্ৰযুক্তি প্ৰয়োগৰ হাৰ বৃদ্ধি আৰু চৰকাৰী কাম-কাজ আৰু সেৱাৰ ক্ষেত্ৰখনত ডিজিটেল প্ৰযুক্তি বৃদ্ধিৰ লক্ষ্যৰে যুগুত কৰা এটা প্ৰকল্প ।

ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ বাবে বিভিন্ন প্ৰদ্ধতি থাৱৰ কৰা হৈছে । ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ডিজিটেল ইণ্ডিয়াৰ সপোন সাৰ্থক কৰাৰ বাবে তেখেতে বক্তব্যৰ জৰিয়তে আহ্বান জনায় ।

ভাৰতীয় জনতা পাৰ্টীৰ সদৌ অসমৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াইও ডিজিটেল ইণ্ডিয়া সম্পৰ্কত বক্তব্য প্ৰদান কৰে । 

আজি ভাৰতীয় জনতা পাৰ্টীৰ মঙলদৈ লোকসভা সমষ্টিৰতথ্য-প্ৰযুক্তি আৰু ছ'চিয়েল মিডিয়া অভিৱৰ্তন আৰু কৰ্মশালাত মঙলদৈ, নলবাৰী, ৰঙিয়া অঞ্চলৰ বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

Your Comments