সুদীৰ্ঘ ১৫ বছৰৰ পিছত অৱশেষত বৃহস্পতিবাৰে(২০জুন) ধেমাজিৰ বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান কৰা হ'ব।২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকক্ষণত আলফাই সংঘটিত কৰিছিল ভয়ংকৰ বোমা বিস্ফোৰণটো।উক্ত বিস্ফোৰণত পতাকা উত্তোলনৰ বাবে অহা ১০টাকৈ শিশু আৰু তিনিগৰাকী মহিলাৰ মৃত্যু হৈছিল।ইয়াৰ উপৰিও বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল বহুজন লোক।তাৰে কিছুসংখ্যকে জীৱনৰ বাবে ঘূনীয়া হৈছিল।
বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।সেই অনুযায়ী আৰক্ষীয়ে বিস্ফোৰণেৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোহাঁই,মুহি সন্দিকৈ,প্ৰশান্ত ভূঞা,মোহন চুতীয়া,চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ,গোৱিন্দ কলিতা,জয় চন্দ্ৰ চুতীয়া,অপ্সৰা বৰুৱা,জয়া চুতীয়া,জিতেন চুতীয়া,মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ বিৰুদ্ধে ২০১১ চনত দাখিল কৰিছিল অভিযোগনামা।তাৰ পিছতে ঘটনা সন্দৰ্ভত অভিযোগকাৰীসকলৰ বিৰুদ্ধে ৫৫ গৰাকী ব্যক্তিয়ে আদালতত সাক্ষ্য প্ৰদান কৰিছিল।সেই ৫৫ গৰাকীৰ সাক্ষ্য আৰু আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে ৰায়দান কৰিব।
- Log in to post comments
- 7 views