চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি টে'ট শিক্ষকৰ ধৰ্ণা:গুৱাহাটীতো প্ৰতিবাদী কাৰ্যসূচী 

tet

ৰাজ্যৰ ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত আজি ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে।সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত গ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত সমগ্ৰ ৰাজ্যৰ ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকে অংশগ্ৰহণ কৰে।প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী।গুৱাহাটী মহানগৰীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰায় চাৰি শতাধিক ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকে পালন কৰে ধৰ্ণা কাৰ্যসূচী।দিনৰ ১১.৩০বজাৰ পৰা গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী।তেওঁলোকে আজি হাতে-হাতে প্লে'কাৰ্ড লৈ মন্তব্য কৰে যে ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকসকলৰ '৭বছৰৰ শ্ৰমদান অৱহেলা কৰি নহ'ব মহান', 'আমাৰ পৰিয়ালক জীয়াই থাকিবলৈ দিয়ক','আমাক সুযোগ দিয়ক, আমি সেৱা দিম' আদি বিভিন্ন শ্লোগান দিয়ে।

 

উল্লেখ্য যে তেওঁলোকৰ দাবী ২০১২ চনত অসম চৰকাৰে ৰাজ্যত  ঠিকাভিত্তিত নিযুক্তি দিয়া ৪১ হাজাৰ টে'ট শিক্ষকৰ চাকৰিৰ 'শিক্ষা অধিকাৰ আইনৰ ২৩ নং দফা' অনুসৰি নিয়মীয়াকৰণ কৰিব লাগে।ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজৰ বিত্ত সম্পাদক কুলজিৎ ঠাকুৰীয়াই কয়- 'কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক ৰাজ্যৰ ঠিকা  ভিত্তিত টে'ট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বুলি নিৰ্দেশা প্ৰদান কৰি আহিছে।কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নির্দেশক অৱজ্ঞা কৰি আজি সাত বছৰ ঠিকাভিত্তিক কৰি ৰাখিলে।'লগতে তেওঁ কয়- আমাৰ বহুতো সতীৰ্থৰ আজি ঠিকাভিত্তিক শিক্ষক হিচাপে মৃত্যু হ'ল।বহুতো সতীৰ্থৰ ইতিমধ্যে অন্য চাকৰি কৰাৰ বয়স পাৰ হৈ গৈছে।ফলত তেওঁলোকে এতিয়া বেলেগ কৰ্মসংস্থাপনলৈ যাব নোৱাৰে। সেই বাবে আমাৰ দাবী ৪১হাজাৰ টে'ট শিক্ষকৰ চাকৰিৰ নিয়মীয়াকৰণৰ কৰিব লাগে।ইয়াৰ উপৰিও ঠাকুৰীয়াই গুৰুত্বসহকাৰে কয় যে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল সকলো ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ব বুলি।কিন্তু সেই প্ৰতিশ্ৰুতিৰো আজি তিনিটা বছৰ হ'ল, বিজেপি চৰকাৰখনে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ। আজি আমি বাধ্যত পৰি ওলাই আহিছোঁ শ্রেণীকোঠা এৰি ৰাজপথলৈ। লগতে তেওঁ কয়-আজি ধৰ্ণা কাৰ্যসূচীৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে।আমি আশা কৰিম এই স্মাৰকপত্ৰখনৰ উত্তৰ চৰকাৰে আমাক দিব।যদি চৰকাৰে বিষয়টো সমাধান কৰাৰ বাবে ইচ্ছুক নহয়, তেন্তে অহা ২৯জুন তাৰিখে ৰাজ্যৰ ৪১হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক টে'ট শিক্ষকে খানাপাৰা পশু চিকিৎসালয়ৰ খেল পথাৰৰ পৰা 'দিছ্পুৰ চলৌ' কাৰ্যসূচীৰে গণতান্ত্ৰিক প্ৰতিবাদী ৰূপায়ণ কৰিব। তাৰ পিছতো যদি চৰকাৰে বিষয়টো সমাধানৰ বাবে গুৰুত্ব নিদিয়ে,তেন্তে অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে।'এনে ভয়ংকৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগ দায়ী হ'ব বুলি আজিৰ ধৰ্ণা কাৰ্যসূচীৰ পৰাই সকীয়াই দিয়ে।

tet

আনহাতে,শিক্ষামন্ত্ৰীগৰাকীয়ে টে'ট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰমাণপত্ৰখনক 'ড্ৰাইভিং লাইচেন্স'ৰ লগত তুলনা কৰাৰ প্ৰসঙ্গৰ সন্দৰ্ভত বিত্ত সম্পাদকগৰাকীয়ে কয়- 'ড্ৰাইভাৰসকলৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা আছে।কিন্তু আমাৰ প্ৰমাণ পত্ৰখনৰ লাইচেন্সৰ লগত কোনো মিল নাই। তেওঁ উদাহৰণ দি কয়-'এটা হাঁহৰ কণী আৰু এটা জেঠী কণী কেতিয়াও একে নহয়, হাঁহৰ কণীটো খাব পাৰি, কিন্তু জেঠীৰ কণীটো খাব নোৱাৰি।" 

ইয়াৰ উপৰিও আজি  ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি টে'ট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় পূৰ্বতেও আমি বহুবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। কিন্তু আমি প্ৰেৰণ কৰা স্মাৰকপত্ৰসমূহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ নাযায়।সেইবাবে আজি আমি উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ।লগতে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক ড্ৰাইভাৰৰ লগত তুলনা কৰিছে,তাত আমাৰ ক্ষোভ নাই । আমাৰ মূল দাবী হ'ল আমাৰ চাকৰি নিয়মীয়াকৰণ।

Your Comments