ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বানত অসমতো চিকিৎসকৰ প্ৰতিবাদ

1111

কলিকতাৰ এনআৰএছ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসকক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে স্তব্ধ দেশৰ চিকিৎসা সেৱা।অখিল ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বানত সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালতো কনিষ্ঠ চিকিৎসক সন্থাই আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।উক্ত প্ৰতিবাদী কাৰ্যসূচীত কনিষ্ঠ চিকিৎসকসকলৰ উপৰিও অংশগ্ৰহণ কৰে মেডিকেল কলেজখনৰ শিক্ষক সন্থায়ো।   

 

উল্লেখ্য যে পুৱাৰে পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত আজি মেডিকেল কলেজ হাস্পতালখনত বন্ধ হৈ পৰে অ'পিডি সেৱা।ইয়াৰ উপৰিও চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ থাকে বহিঃবিভাগৰ সকলো সেৱা।উল্লেখ্য যে আজি এই প্ৰতিবাদী কাৰ্যসূচীত মেডিকেল কলেজখনৰ প্ৰায় তিনিশৰো অধিক চিকিৎসকে অংশগ্ৰহণ কৰে।তাৰ ভিতৰত জ্যেষ্ঠ চিকিৎসক সংস্থা আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে।

 

আনহাতে,মেডিকেল কলেজখনৰ শিক্ষক সন্থাৰ সভানেত্ৰী আৰতি ডেকাই কয় যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেও যাতে চিকিৎসাধীন হৈ থকা ৰোগী আৰু জৰুৰীকালীন ৰোগীসকলৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।লগতে তেওঁ  চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়।সেই আইন সমগ্ৰ দেশজুৰি কাৰ্যকৰী কৰিব লাগে।

Your Comments