পশুধন বিভাগৰ চূড়ান্ত ব্যৰ্থতা:ৰাজ্যৰ ২২ খন চৰকাৰী হাঁহ-কুকুৰাৰ ফাৰ্মৰ ১০ খনেই বন্ধ

paxudhan

নিউজ ডেস্ক :
ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ মাংস আৰু কণীৰ চাহিদা। এই বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহি:ৰাজ্যৰ একাংশ ব্ৰইলাৰ মুৰ্গীৰ মাংস উৎপাদনকাৰী কোম্পানীৰ পৃষ্ঠপোষকতাতেই ৰাজ্যত এতিয়া গঢ় লৈ উঠিছে ব্ৰইলাৰ  মুৰ্গী আৰু কণী উৎপাদনকাৰী বহু ফাৰ্ম ।তাৰ মাজতো অৱশ্যে অসমৰ একাংশ কৰ্ম উদ্যমী নিবনুৱাই আজি  ব্রইলাৰ আৰু বিভিন্ন প্ৰজাতিৰ  মুৰ্গীৰ ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাও দেখিবলৈ পোৱা গৈছে।কিন্তু ৰাজ্যত চাহিদাৰ তুলনাত এতিয়াও পৰ্যাপ্ত নহয় ব্রইলাৰ মুৰ্গীৰ মাংস আৰু মুৰ্গীৰ কণী। ফলত এই চাহিদা পূৰণৰ বাবে বহি:ৰাজ্যৰ পৰা আজি অধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে ব্রইলাৰ আৰু কণী।তাৰ বাবে এতিয়া ৰাজ্যত বৃদ্ধি পাইছে ব্রইলাৰ আৰু কণীৰ দাম। paxudhan1


ইফালে,চাহিদা বৃদ্ধিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ পল্ট্ৰি বিভাগে(কুকুৰা- হাঁহ উৎপাদনকাৰী বিভাগ) ব্রইলাৰ আৰু কুকুৰা উৎপাদনৰ বাবে চৰকাৰী ফাৰ্মসমূহত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে,তাৰ বাতৰি সংগ্ৰহ কৰাৰ বাবে গুৱাহাটী মহানগৰীত থকা অসম চৰকাৰৰ চাৰিখন পল্ট্ৰি ফাৰ্ম পৰিদৰ্শন কৰা হৈছিল।বীৰুবাৰীত অৱস্থিত অসম চৰকাৰ পল্ট্ৰি বিভাগৰ দুখন ফাৰ্মত ক্ৰমে এখনত ব্রইলাৰ আৰু আনখনত কণীৰ বাবে বিভিন্ন প্ৰজাতিৰ কুকুৰা উৎপাদন কৰা হয়। কিন্তু ফাৰ্ম দুখনত উপস্থিত হৈ প্ৰত্যক্ষ কৰা হৈছিল ব্রইলাৰ আৰু মূলত: কণীৰ বাবে বিভিন্ন প্ৰজাতিৰ কুকুৰা উৎপাদন কৰা ফাৰ্ম দুখনত এতিয়া নাই কোনো উৎপাদন।যাৰ ফলত ফাৰ্ম দুখনৰ গৃহসমূহ এতিয়া হাবি-জংঘলেৰে আৱৰি পৰিত্যক্ত ৰূপ পাইছে।

paxudhan3
সেই সন্দৰ্ভত অধিক তথ্যৰ বাবে সাক্ষাৎ কৰা হৈছিল  বীৰুবাৰী ব্রইলাৰ ফাৰ্মৰ দায়িত্বত থকা উপ-সঞ্চালক ডঃ জননুৰ ৰহমানক ।তেওঁ জানিবলৈ দিয়ে ২০১৩ চনৰ পৰা ফাৰ্মখনত বন্ধ হৈ আছে ব্রইলাৰ উৎপাদন। তেওঁ লগতে কয় -"আমাৰ হাতত জমা হৈ থকা ধনসমূহো উৎপাদন বন্ধৰ হোৱাৰ পাছত ২০১৫ চনৰ শেষৰ ফালে অসম চৰকাৰ পশুধন বিভাগে লৈ যায়"। তাৰ পিছৰ পৰা চৰকাৰে আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই বন্ধ হৈ থকা ফাৰ্মখন পুনৰ আৰম্ভ কৰাৰ বাবে। ইয়াৰ উপৰিও তেওঁ কয়। যে অতুল বৰা নেতৃত্বাধীন পশুধন বিভাগক আমাৰ ফালৰ পৰা ফাৰ্মখন পুনৰ  আৰম্ভ কৰাৰ বাবে পল্ট্ৰি বিভাগৰ সঞ্চালকৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ছয়বাৰ নতুন আঁচনি দাখিল কৰা হৈছে। কিন্তু কোনো গুৰুত্ব নাই অতুল বৰা নেতৃত্বাধীন পশুধন বিভাগৰ। ইয়াৰ উপৰিও তেওঁ কয় যে মূলত: চৰকাৰী ফাৰ্মসমূহ যদিও প্রদর্শনীমূলক আছিল(প্ৰশিক্ষণৰ বাবে নিৰ্মাণ কৰা),কিন্তু তাৰ পৰা চৰকাৰৰ কোনো লোকচান হোৱা নাছিল। বৰঞ্চ ফাৰ্মসমূহৰ পৰা উপকৃত হৈছিল জনসাধাৰণ ।ফলত চৰকাৰে লাভ কৰিছিল এক মোটা অংকৰ ৰাজহ। তাৰ পিছতো ফাৰ্মসমূহ কিয় বন্ধ কৰিলে ,সেই কথাতো আজি পৰ্যন্ত জ্ঞাত নহয় বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে প্ৰাইভেট কোম্পানীৰ ফাৰ্ম সমূহ গঢ় লৈ উঠাত সুবিধা দিয়াৰ বাবেও হয়তো চৰকাৰী ফাৰ্মসমূহ বন্ধ কৰাৰ হ'ব পাৰে বুলিও তেওঁ আশংকা ব্যক্ত কৰে। paxudhan5


আনহাতে,বন্ধ কৰাৰ সময়ত ব্রইলাৰ ফাৰ্মখনত ২৪ গৰাকীকৈ কৰ্মচাৰী জড়িত আছিল। কিন্তু ফাৰ্ম বন্ধ হোৱাৰ বাবে ১২জন কৰ্মচাৰীক বিভিন্ন ঠাইলৈ বদলি কৰা হয়। বৰ্তমান ফাৰ্মখনত মহকুমাৰ পশুপালক বিষয়াৰ পৰা চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈকে মুঠ ১২জন কৰ্মচাৰী আছে বুলি তেওঁ জানিবলৈ দিয়ে।


তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে চৰকাৰখনে পুনৰ ব্রইলাৰ ফ্ৰাম আৰম্ভ কৰাৰ বাবে নতুনকৈ তিনিটা গৃহ দুবছৰৰ পূৰ্বে নিৰ্মান কৰিলে। নতুন গৃহকেইটাত প্ৰায় ৬০০০ হাজাৰ ব্রইলাৰ একেসময়তে পুহিব পৰা সুবিধা আছে।কিন্তু নতুন গৃহসমূহত ব্রইলাৰ পালনৰ বাবে আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই টকা। ফলত এতিয়া হাবি-জংঘলেৰে আৱৰিছে নতুন গৃহসমূহক।আনহাতে তেওঁ জানিবলৈ দিয়া অনুসৰি ফাৰ্মখনত প্ৰতি বছৰে ১০০ পৰা ১৫০ গৰাকী ব্রইলাৰ পালকে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। কিন্তু ব্রইলাৰ উৎপাদন বন্ধ হৈ থকাৰ বাবে আজি তেওঁলোক ব্যৱহাৰিক প্ৰশিক্ষণ  দিব পৰা নাই।

একেদৰে বীৰুবাৰীৰ বন্ধ হৈ থকা কুকুৰাৰ ফাৰ্মখনৰ সন্দৰ্ভত কৰ্মচাৰী বনৰছাদ আলিয়ে জানিবলৈ দিয়ে যে ২০১৫ চনৰ শেষৰ পৰা ফ্ৰামখনত বন্ধ হৈ আছে কুকুৰাৰ উৎপাদন। তেওঁ লগতে কয় ২০১২ চনৰ পৰা বন্ধ হোৱাৰ আগলৈকে তেওঁলোকে বনৰজা প্ৰজাতি কুকুৰাৰ উৎপাদন কৰি তাৰ পৰা দৈনিক ৭০০টা পৰা ৩৫০টালৈকে কণী উৎপাদন কৰিছিল।ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে বহু আত্মসহায়ক গোটক স্বাৱলম্বীৰ বাবে বনৰজাৰ কুকুৰা পোৱালি ৯:১কৈ( মতা-মাইকী হিচাপ) দিয়া হৈছিল। তাৰ পৰা আত্মসহায়ক গোটসমূহ উপকৃতও হৈছিল। কিন্তু ২০১৬ নিৰ্বাচনৰ পূৰ্বে ফাৰ্ম কৰ্তৃপক্ষৰ  হাতত জমা থকা সকলো ধন বিভাগে ঘূৰাই লয়।তাৰ পিছৰ পৰা বন্ধ হৈ আছে ফাৰ্মখনত সকলো উৎপাদন। লগতে তেওঁ জানিবলৈ দিয়ে যে ২০১৬ চনত  চৰকাৰে পুনৰ কুকুৰা উৎপাদন কৰাৰ বাবে নতুনকৈ চাৰিটা ঘৰ নিৰ্মান কৰিলে। কিন্তু আজিলৈকে বিভাগে মুকলি কৰি নিদিলে কুকুৰা উৎপাদনৰ বাবে প্ৰয়োজনীয় টকা। ফলত এতিয়া হাবি-জংঘলৰ মাজত নতুন গৃহসমূহ।paxudhan6

একেদৰে খানাপাৰৰ পশু পামত অৱস্থিত সমন্বয় কুকুৰাৰ প্ৰজনন আঁচনি আৰু ৰাষ্ট্ৰীয় কুকুৰা পোৱালি উৎপাদন কেন্দ্ৰ,ফাৰ্ম দুখনতো ২০০৮ চনৰ পৰাই উৎপাদন বন্ধ হৈ আছে।এই কথা জানিবলৈ দিয়ে সমন্বয় কুকুৰা প্ৰজনন আঁচনিৰ সহকাৰী সঞ্চালক ডঃ দেৱানন্দ অধিকাৰীয়ে।লগতে তেওঁ জানিবলৈ দিয়ে  ফাৰ্মখনত মুৰ্গীৰ(কণী) উৎপাদনৰ বাবে মুঠ ৯টাকৈ গৃহ আছে,কিন্তু দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ বাবে এতিয়া জহি-খহি গৈছে ঘৰসমূহ। তেওঁ জানিবলৈ দিয়া অনুসৰি ৯টা গৃহতে একে সময়তে কুকুৰা উৎপাদন কৰিব পৰা নগৈছিল যদিও প্ৰতিটো গৃহত পাঁচশ কুকুৰা ৰাখিব পৰা ব্যৱস্থা আছিল।গুৰুত্বপূৰ্ণভাৱে তেওঁ কয়-"ফাৰ্মখনত কণী উৎপাদনকাৰী কুকুৰা অতি লাভজনক ব্যৱসায় আছিল। আমাৰ মূল লক্ষ্য আছিল জনসাধাৰণক পুষ্টিকৰ কণী,মাংস যোগান ধৰা। কিন্তু এতিয়া নিজে পুষ্টিহীনতাত চৰকাৰৰ কুকুৰা ফাৰ্মসমূহ"।

তেওঁ নিজে উল্লেখ কৰে যে বৰ্তমান ফাৰ্মসমূহ বন্ধ হৈ থকাৰ বাবে কৰ্মচাৰীসকলে কেৱল দৰমহাৰ বাবে কাৰ্যলয়লৈ আহিব লাগে হয়। আনহাতে কোনো কাম নাই কুকুৰা ফাৰ্মসমূহত। বৰ্তমান সমন্বয় কুকুৰা প্ৰজনন আঁচনিৰ ফাৰ্মত মুঠ ১২জন কৰ্মচাৰী আছে।তাৰে এজন সহকাৰী সঞ্চালক, গৱেষণা বিষয়া দুজন, জ্যেষ্ঠ সহায়ক আৰু কনিষ্ঠ সহায়ক এজনকৈ, ক্ষেত্ৰসহায়ক এজন, ৰাতিৰ চকীদাৰ দুজন, কুকুৰা প্ৰতিপালক তিনিজন আৰু পিয়ন এজন।ইয়াৰ উপৰিও যোৱা মাহত দুজন কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰা বুলি  জানিবলৈ দিয়ে।
একেদৰে খানাপাৰা কেন্দ্ৰীয় কুকুৰা পোৱালি উৎপাদন  ফাৰ্মখনৰ  কুকুৰা ঘৰসমূহো বৰ্তমান সময়ত নাই।কাৰ্যলয়টোৰ বাহিৰে  প্ৰায় ৯ টাৰো অধিক কুকুৰা ঘৰ ভাঙি দিয়া হৈছে বুলি জানিবলৈ দিয়ে। paxudhan7


আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে ফাৰ্মসমূহ পুনৰ পৰিচালনা কৰাৰ বাবে পল্ট্ৰি বিভাগৰ মুৰব্বীসকললৈ ফাৰ্মসমূহৰ কৰ্তৃপক্ষই বহুবাৰ আঁচনি প্ৰেৰণ কৰিছে যদিও বিভাগটোৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলৰ সমন্বয়ৰ অভাৱৰ বাবে অসম চৰকাৰৰ পশুধন বিভাগৰ ওচৰলৈ আঁচনিসমূহ নাযায় বুলি জানিবলৈ দিয়ে একাংশ কৰ্মচাৰীয়ে।


বৰ্তমান অসমত পল্ট্ৰি ফাৰ্ম (কুকুৰা-হাঁহ)ৰ সংখ্যা  ২২খন। কিন্তু পৰিতাপৰ কথা এই যে তাৰে ১০খন ফাৰ্ম আজিৰ তাৰিখত বন্ধ হৈ আছে।বাকী ১২খনত উৎপাদন হৈ আছে যদিও বিভাগৰ গুৰুত্বহীনতাৰ বাবে যিদৰে উৎপাদন হ'ব লাগিছিল,তেনেদৰে উৎপাদন হোৱা নাই বুলি জানিবলৈ দিছে। আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত চৰকাৰী পল্ট্ৰি ফাৰ্মসমূহ বন্ধ হৈ যোৱাৰ বাবে প্ৰতিদিনে বহি:ৰাজ্য মধ্যপ্ৰদেশৰ পৰা অসমৰ চাহিদা পূৰণ কৰিবৰ বাবে প্ৰায় ৩০ লাখ কণী আমদানি কৰিব লগা হয়। paxudhan8

একেদৰে মাংসৰ অভাৱ দূৰ কৰিবলৈ পশ্চিমবঙ্গৰ পৰা  দৈনিক প্ৰায় ১০খন ব্রইলাৰৰ  গাড়ী অসমলৈ আমদানি কৰিব লগা হয়। এই কথা জানিবলৈ দিছে বিভাগৰে এজন জ্যেষ্ঠ বিষয়াই।এই ফাৰ্মসমূহ উৎপাদনক্ষম কৰি তুলিলে বাহিৰৰ পৰা আমদানি বহু পৰিমানে হ্ৰাস হব বুলিও তেওঁ জানিবলৈ দিয়ে।এতিয়া প্ৰশ্ন হয়  সকলোবোৰ সুবিধা থকাৰ পাছতো অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ বিভাগে কিয় চৰকাৰী ফাৰ্মসমূহ উৎপাদনক্ষম কৰি তোলাৰ বাবে গুৰুত্ব দিয়া নাই।

Your Comments