- 82 views
নিউজ এএছএন প্ৰতিনিধি, নতুন দিল্লী
নতুন দিল্লীত প্ৰদেশ যুৱ কংগ্ৰেছৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বাসভৱন ঘেৰাও কৰি বৃহস্পতিবাৰে বিজেপিৰ অসমবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা প্ৰতিবাদকৰীসকলক প্ৰতিবাদস্থলীৰ পৰাই আটক কৰে দিল্লী আৰক্ষীয়ে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত হোৱা এই প্ৰতিবাদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি, উপ-সভাপতি আৰু অসম তথা উত্তৰ-পূবৰ প্ৰায় সকলো ৰাজ্যৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।