'কেব'ৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত উলংগ হোৱা কৃষক মুক্তিৰ নেতাক গ্ৰেপ্তাৰ

ii

নাগৰিকত্ব সংশোধনী বিধেয়কৰ  বিৰুদ্ধে দিল্লীৰ ৰাজপথত উলংগ হোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ কৰা হয়।মহিলাৰ সন্মুখত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যগৰাকী হৈছে মতিন চৌধুৰী।


খবৰ অনুসৰি সদস্যগৰাকীয়ে সোমবাৰে দিছপুৰত মহিলাৰ সন্মুখত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি থকা দেখি একাংশ ব্যক্তি আৰু কৰ্তব্যৰত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল।তেতিয়া তেওঁ বাধা প্ৰদান কৰা যুৱক আৰু কৰ্তব্যৰত আৰক্ষীৰ সৈতে তৰ্কা-তর্কিত লিপ্ত হয়।ইয়াৰ উপৰিও কৰ্তব্যৰত আৰক্ষীকো প্ৰহাৰ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্য গৰাকীয়ে।তাৰ পিছতে দিছপুৰ থানাৰ কৰ্তব্যৰত এজন আৰক্ষী জোৱানে মতিন চৌধুৰীয়ে আৰক্ষীৰ গাত হাত দিয়া আৰু আৰক্ষীৰ কৰ্তব্যত বাধা দিয়া বুলি এক এজাহাৰ দাখিল কৰে।

Your Comments