ৰাজ্যৰ যক্ষ্মা ৰোগীৰ চিকিৎসাৰ বাবে ১৯৫৫ চনতে স্থাপন কৰা হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়খনৰ।মহানগৰীৰ বীৰুবাৰীৰ গোপীনাথ নগৰত অৱস্থিত চিকিৎসালয়খন বৰ্তমান সময়তো অসমৰ একমাত্ৰ যক্ষ্মা চিকিৎসালয়। উল্লেখ্য যে ৬০খন বিচনাযুক্ত পুৰণি চিকিৎসালয়খনৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হয় ৰোগীৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱৰ লগতে আন্তঃগাঁঠনি শোচনীয় হোৱাৰ অভিযোগ। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নামত নামাংকিত চিকিৎসালয়খনৰ বিৰুদ্ধে কিয় এনেধৰণৰ অভিযোগ প্ৰায়েই উত্থাপন হয়,সেই বিষয়ে জানিব বিচৰা হৈছিল যক্ষ্মা চিকিৎসালয়খনৰ অধীক্ষক পঞ্চানন উজিৰৰ পৰা । তেওঁ কয়-'চিকিৎসালয়খনত আজিৰ তাৰিখত পৰ্যাপ্ত সংখ্যক কৰ্মচাৰীৰ অভাৱ। তাৰ বাবে আমি চেষ্টা কৰিও যক্ষ্মা ৰোগীসকলক সঠিক সময়ত সেৱা আগবঢ়াব পৰা নাই।তেওঁ কয় যে বৰ্তমান সময়ত চিকিৎসালয়খনত ৪১ টা কৰ্মচাৰী পদ খালি হৈ আছে। তাৰে চতুৰ্থ বৰ্গৰ ৩৪টা ,তৃতীয় বৰ্গৰ ৫টা আৰু প্ৰথম বৰ্গৰ দুটা গুৰুত্বপূৰ্ণ পদ খালি হৈ আছে। লগতে কয় যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে আজি চিকিৎসালয়খনৰ চৌহদ, প্ৰস্ৰাৱগাৰ,শৌচাগাৰ আৰু ৰোগীৰ কোঠা নিয়মিতভাৱে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই।'
ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান চিকিৎসালয়খনত মাত্ৰ তিনিগৰাকী ৰান্ধনী আছে।যি চিকিৎসালয়খনৰ বাবে পৰ্যাপ্ত নহয়।ফলত বহুসময়ত চিকিৎসালয়খনৰ আন বৰ্গৰ কৰ্মচাৰীসকলেও ৰোগীৰ বাবে ৰন্ধা কামত জড়িত হ'ব লগা হয়। উল্লেখযোগ্য যে ৬০খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান সময়ত ৱাৰ্ডবয়ৰ ১০টা, চকীদাৰৰ ৬টা, ছুইপাৰৰ ৮টা, ধোবীৰ ২টা, পিয়নৰ ২টা, ৰান্ধনীৰ ৪টা, ছিনিয়ৰ মেডিকেল এণ্ড হেলথ অফিচাৰৰ ২টা পদ খালি হৈ আছে।লগতে,মেডিকেলখনত এএনএম, ডাৰ্ক ৰূম এটেনডেণ্ট,হেলথ ভিজিটৰ, এলডিএ, মালী, মেডিকেল টীম লিডাৰ আৰু ট্ৰিটমেণ্ট অৰ্গেনাইজাৰৰ এটাকৈ পদ খালি হৈ আছে।
এতিয়া প্ৰশ্ন হয়,যিসময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মসংস্থাপনৰ বাবে বৰ্হিৰাজ্যলৈ গৈ থাকিব লগীয়া হৈছে,সেই সময়ত খালি পদসমূহত আজিও কিয় দিয়া হোৱা নাই নতুন নিযুক্তি।প্ৰশ্ন হয়-সততে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজাই ফুৰা বহুবল্কী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এই সমূহ খালি পদ পূৰণৰ বাবে আজৰি হ'ব নে?
- Log in to post comments
- 14 views