কাইলৈ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা:অসমতো সাজু নিৰ্বাচন আয়োগ আৰু  জিলা প্ৰশাসনসমূহ

ele

দীৰ্ঘদিনীয়া উৎকন্ঠাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা।তাৰ বাবে ইতিমধ্যে প্ৰত্যেক জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগ সম্পূৰ্ণ সাজু হৈ উঠিছে।গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ,পূব গুৱাহাটী,পশ্চিম গুৱাহাটী আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰশাসন আৰু নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰিছে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ।এই কথা ইতিমধ্যে জানিবলৈ দিছে কামৰূপ(ম)জিলা প্ৰশাসনে। প্ৰশাসনে লগতে জানিবলৈ দিছে যে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া ভোটগণনাত প্ৰথম কাউন্টিং কৰা হ'ব পোষ্টেল ভোটসমূহৰ।তাৰ পিছতে গণনা কৰা হ'ব ইলেকট্ৰনিক ভোটিং মেচিনসমূহ।উল্লেখ্য যে মহানগৰ জিলা প্ৰশাসন আৰু ৰাজ্যৰ নিৰ্বাচন আয়োগে জানিবলৈ দিয়া অনুসৰি প্ৰতিটো ভোটগণনা কেন্দ্ৰত প্ৰত্যেকটো বিধনাসভা সমষ্টিৰ গণনা সুকীয়া- সুকীয়াকৈ কৰা হ'ব।সেই অনুসৰি গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অনুষ্ঠিত হ'বলগা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভাৰ সমষ্টিৰ ভোট গণনাৰ বাবে সুকীয়া-সুকীয়া কক্ষ থাকিব। সেই অনুসৰি প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ বাবে ১৪ খনকৈ টেবুল থাকিব।প্ৰতিখন টেবুলত পাঁচজনকৈ বিষয়াই ফলাফল গণনা কৰিব।

 

ইফালে,আকৌ ভোটিং মেচিনৰ ফলাফল গণনা শেষ হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিৰে পাঁচটাকৈ ভিভিপেটৰ শ্লিপ গণনা কৰিব লাগিব। সেই পাঁচটা ভিভিপেট মেচিন লটাৰীৰ জড়িয়তে নিৰ্দিষ্ট কৰি ল'ব লাগিব।ভিভিপেট শ্লিপ গণনাৰ বাবে প্ৰতিটো কাউন্টিং কক্ষত এখন সুকীয়াকৈ টেবুল থাকিব।

 

ৰাজ্যিক নিৰ্বাচন আয়োগে জানিবলৈ দিয়া অনুসৰি ভিভিপেট শ্লিপ গণনাৰ বাবে এইবাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা একেদিনাই সম্পূৰ্ন নহ'ব।কাৰণ ভিভিপেট গণনা কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত অতিৰিক্ত প্ৰয়োজন হ'ব পাঁচৰ পৰা চাৰে সাত ঘণ্টা সময়।ফলত ৰাতি দুই-তিনি বজা পৰ্যন্ত হ'ব গণনা। যদি সেয়াই হয়,তেন্তে ২৪ তাৰিখৰ পুৱাহে সম্পূৰ্ণ ফলাফল লাভ কৰিব।

 

 ভোটগণনা কেন্দ্ৰলৈ কোনেও নিব নোৱাৰিব মোবাইল ফোন,কেমেৰা। ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে সমগ্ৰ গণনা কাৰ্য নিৰীক্ষণ কৰা হ'ব।

 

ইয়াৰ উপৰিও কোনো দলৰে সমৰ্থক যাব নোৱাৰিব ভোটগণনা কেন্দ্ৰলৈ। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগৰ পৰিচয়পত্ৰ লাভ কৰা সংবাদসেৱীসকলে এক নিৰ্দিষ্ট দূৰত্বত থাকিব লাগিব। প্ৰতিটো ৰাউণ্ডৰ খবৰ সাংবাদিকসকলক সৰবৰাহ কৰা হ'ব।

Your Comments