মহানগৰীত ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে চিআইডিৰ অভিযান

asn

ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে গুৱাহাটীত সোমবাৰে নিশা চিআইডিয়ে অভিযান চলায়।
চিআইডিৰ অভিযানত কেইবাটাও ভুৱা কল চেণ্টাৰৰ পৰা সোধ-পোছৰ বাবে প্ৰায় ২৫ গৰাকী যুৱক-যুৱতীক  আটক কৰা হয়।উল্লেখ্য যে এই অভিযান চলোৱা কল চেণ্টাৰসমূহে বিভিন্ন সময়ত গ্ৰাহকৰ পৰা বেংকৰ একাউন্ট নম্বৰ,এটিএম নম্বৰ বিচৰাৰ অভিযোগ আছিল।

 

আনহাতে,কল চেণ্টাৰৰ যুৱক-যুৱতীসকলক সোধা-পোছাৰ  বাবেহে আটক কৰা হৈছে বুলি জনোৱা হৈছে।যুৱক-যুৱতীসকলৰ তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত ভুৱা কল চেণ্টাৰসমূহৰ স্বত্বাধীকাৰীসকলক আটক কৰাৰ সম্ভাৱনা আছে।

Your Comments