আমাক আৰু আমাৰ সন্তানসকলক শান্তিত জীয়াই থাকিবলৈ দিয়ক:আলফা(স্বাধীন)ৰ প্ৰতি জুবিন গাৰ্গ

zubin

ছ'চিয়েল মিডিয়াৰ জৰিয়তে আলফা(স্বা)লৈ জুবিন গাৰ্গে মুকলি চিঠি প্ৰেৰণ কৰিছে।চিঠিত জনপ্ৰিয় শিল্পীগৰাকীয়ে স্পষ্ট মত প্ৰকাশ কৰিছে যে নিৰীহক হত্যাৰে আলফাই লাভ কৰিব নোৱাৰে কোনো ফলাফল। লগতে কন্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰিছে-'ময়ো এটা বিপ্লৱ বিচাৰো,কিন্তু সেই বিপ্লৱটো পৰিৱৰ্তনৰ।সন্ত্রাসে এটা জাতি কেতিয়া গঠন কৰিব নোৱাৰে। কিন্তু শ্ৰমে পাৰে।'

 

ইয়াৰ উপৰি আলফাক উদ্দেশ্য কৰি শিল্পীগৰাকীয়ে কয়-'আমাৰ ল'ৰা-ছোৱালীক কেনেকৈ খেতি-বাতি কৰিব লাগে,তাক শিকাওক। কেনেকৈ শূন্যৰ পৰা এটা বীজ অংকুৰিত কৰিব পাৰি,তাক শিকাওক। তেওঁলোকক নিজৰ সপোন বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ শিকাওক।লগতে উল্লেখ কৰে-'আপোনালোকে যদি কিবা গঢ়িব বিচাৰিছে,তেন্তে মাজুলীক গঢ়ি তোলক আৰু যদি কিবা ধ্বংস কৰিবলৈ বিচাৰিছে,তেন্তে কাজিৰঙালৈ অহা ভাবুকিক ধ্বংস কৰক।'

 

শিল্পীগৰাকীয়ে অসমৰ বানপানীৰ সমস্যাৰ কথা উল্লেখ কৰি চিঠিত লিখিছে-'আমাক বানপানীৰ সৈতে যুঁজ দিবলৈ এটা বিপ্লৱৰ প্ৰয়োজন।'একেদৰে স্বাধীনতা সন্দৰ্ভত জুবিনে উল্লেখ কৰিছে-'আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাটোৱে স্বাধীনতা।যিদৰে অস্থিৰতাৰ মাজত আপুনি কোনো পৰিৱৰ্তন আনিব নোৱাৰে,সেইদৰে সন্ত্ৰাসবাদৰ মাজতো আপুনি মুক্ত হ'ব নোৱাৰে।এইসকল মানুহৰ বাবে আজি আমি এটা জাতি হৈ আছোঁ।যদি এইসকলে নাথাকে তেন্তে আমি কাক লৈ বাচি থাকিম'।
 

 

সন্ত্ৰাসবাদ বিৰোধিতা প্ৰসংগ উল্লেখ কৰি তেওঁ কয়-'আমাৰ অধিকাৰ সন্ত্ৰাসবাদে কেতিয়াও আনি দিব নোৱাৰে। কিন্তু শিক্ষা,উন্নয়ন আৰু প্ৰগতিয়ে পাৰে।'শেষত জুবিন গাৰ্গে  পুনৰ আহ্বান জনায়-'আমাক আৰু আমাৰ সন্তানসকলক শান্তিত জীয়াই থাকিবলৈ দিয়ক।কাৰণ মৃত্যুৰ পিছত কোনো ন্যায় নাই।

Your Comments