কলিয়াবৰ সংসদীয় সমষ্টি দখল কৰিবলৈ তৎপৰ মিত্ৰজোট দল বিজেপি-অগপ

agp

সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মধ্য অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি হিচাপে চিহ্নিত কলিয়াবৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দলসমুহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। কোনো এটা ৰাজনৈতিক দলে এই মুহূৰ্তলৈকে দলীয় প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও কংগ্ৰেছৰ পৰা বৰ্তমানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে পৰিছে ।

শেহতীয়াকৈ অগপ আৰু বিজেপি মিত্ৰতাৰ পাছত সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা বেছি । অগপৰ পৰা কেইবজনো নেতাই প্ৰাৰ্থিত্ব বিচাৰিছে যদিও বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত ভাতৃ মণি মাধৱ মহন্তই টিকট পোৱাটো নিশ্চিত । উল্লেখ্য যে, ১৯৮৫ আৰু ১৯৯৬ চনৰ নিৰ্বাচনত অগপ দলে এই সমষ্টিটোত ১৯৮৫ চনত ধৰ্মীয় সংখ্যালঘু ভোট বিভাজনৰ সুযোগ গ্ৰহণ কৰি ভদ্ৰেশ্বৰ তাতী নিৰ্বাচিত হৈছিল।

সেইবাৰ ইউএমএফৰ প্ৰাৰ্থী মজাহাৰ লতিফে ১ লাখ ৩২ হাজাৰ ভোট লাভ কৰাৰ বাবেই কংগ্ৰেছ ৭৮ হাজাৰ ভোটাৰ ব্যৱধানত তৰুণ গগৈ পৰাজিত হৈছিল। একেদৰে, ১৯৯৬ চনত তিয়াৰী কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল মন্নান ফাৰুকীয়ে কংগ্ৰেছ দলৰ ভোট বিভাজন ঘটাই কংগ্ৰেছৰ প্ৰাৰ্থী তৰুণ গগৈ ১৬১০ টা ভোটাৰ ব্যৱধানত অগপৰ প্ৰাৰ্থী কেশৱ মহন্ত‌ৰ হাতত পৰাজিত হৈছিল। ইয়াৰ বিপৰীতে, ১৯৯৮ চনত তৰুণ গগৈ ২ লাখ ৩০ হাজাৰ ভোটাৰ ব্যৱধানত জয়ী হয়। ১৯৯৯ চনত গগৈ ১ লাখ ৬৮ হাজাৰ ভোটত পুনৰ জয়ী হয়।  

২০০২ চনত হোৱা উপ-নিৰ্বাচনত কংগ্ৰেছৰ দ্বীপ গগৈ ৭৪ হাজাৰ ভোটত জয়ী হয়। তদুপৰি, ২০১৪ চনত কংগ্ৰেছৰ গৌৰৱ গগৈ বিপুল সংখ্যক ভোটাৰ ব্যৱধানত জয়ী হয়। কলিয়াবৰ সংসদীয় সমষ্টিত ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ ভোটাৰে সদায় গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। এই দুয়োটা জনগোষ্ঠীৰ মাজত কংগ্ৰেছৰ যথেষ্ট প্ৰভাৱ আছে যদিও শেহতীয়াভাৱে চাহ জনগোষ্ঠীৰ ভোটাৰৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা কিছু হ্ৰাস পাইছে।

এই সমষ্টিটোত প্ৰাধান্য থকা ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ মাজত প্ৰভাৱ থকা এআইইউডিএফৰ প্ৰতি সংখ্যালঘু ভোটাৰ সম্প্ৰতি মোহভংগ ঘটাত কংগ্ৰেছী মহলে সমষ্টিটো পুনৰ নিজৰ দখললৈ নিবলৈ সক্ষম হোৱাৰ দিশে অগ্ৰসৰ হৈছে। সমষ্টিটোত এই দলটোৰ পৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত যদিও ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ একাংশই দলটোৰ সংগ ত্যাগ কৰাত বিধায়কগৰাকীয়ে প্ৰতিদ্বন্দীতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই।

এনে পৰিস্থিতিত দলটোৱে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষনীয় হ'ব। ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বধীন এনপিপি দলৰ পৰা এই সমষ্টিটোত দল বাগৰ ৰাজনীতিত সিদ্ধসস্ত প্ৰাক্তন বিধায়ক আব্দুল আজিজে প্ৰাৰ্থিত্ব পোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে। এন ডিএৰ সহযোগী দল এনপিপিৰ পৰা ধৰ্মীয় সংখ্যালঘু নেতা আব্দুল আজিজক প্ৰাৰ্থিত্ব দি বিজেপিৰ এক প্ৰভাৱশালী নেতাই ভোট বিভাজনৰে সমষ্টিটো বিজেপিৰ দখললৈ নিয়াৰ ৰণ কৌশল প্ৰস্তুত কৰিছে।

আজিজক লৈ বিজেপিৰ ৰণ কৌশল কিমান সফল হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব। কাৰণ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা  সমষ্টিটোত নিৰ্বাচন খেলি মাত্ৰ ৯ হাজাৰ ভোট পাই আমানতৰ ধন বাজেয়াপ্ত হৈছিল। এইজন সংখ্যালঘু নেতাই কেনেকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক কেনেকৈ প্ৰত্যাহ্বান জনাব তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

মনকৰিবলগীয়া যে এইবাৰ অগপ দলেও সংসদীয় সমষ্টিটো দখল কৰি তৰুণ গগৈৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক অৱসান ঘটাবলৈ তৎপৰ হৈছে । একমাত্ৰ নিজৰ দখললৈ আনিবলৈ অগপ দলে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ ৰণ কৌশল প্ৰস্তুত কৰিছে। শেষতীয়াতাকৈ অগপ-বিজেপি মিত্ৰতাৰ পিছত বিজেপিয়ে যদি সমষ্টিটো অগপক এৰি যদিও অগপই প্ৰাৰ্থী প্ৰদান কৰিব বিছৰা প্ৰাৰ্থীগৰকীৰ সমষ্টিটোত অধিক জনপ্ৰিয়তা নথকাত সমষ্টিটোত অগপৰ দখললৈ নিবলৈ সহজ ন'হব।

কিছু দিন পূৰ্বে অগপ-বিজেপি মিত্ৰতা ভংগ হোৱাৰ পিছত বিজেপিৰ তৃণমূল কৰ্মীয়ে সমাগত লোকসভা নিৰ্বাচনত পুনৰ মিত্ৰতা বিছৰা নাছিল। সেয়ে বিজেপিৰ কৰ্মীসকলে সমষ্টিটো অগপক এৰি দিয়া কোনো পধ্যেই মানি ল'ব পৰা নাই। বিজেপিৰ সমৰ্থক সকলে অগপ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ সম্ভাৱনা কম। বিগত বিধানসভা নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা সূত্ৰে বিজেপিয়ে কলিয়াবৰ বিধানসভা সমষ্টিত অগপক এৰি দিয়াৰ বাবেই কলিয়াবৰত বিজেপি কৰ্মীসকল তেতিয়াৰ পৰাই ক্ষুণ্ণ হৈ আছিল।

সমষ্টিটোৰ বিজেপিৰ শক্তিশালী দাবীদাৰ আছিল। দলটোৰ ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা। বিগত বিধান নিৰ্বাচিতটো মিত্ৰতাৰ বাবেই শৰ্মা বঞ্চিত হৈছিল। এইবাৰো শৰ্মা বঞ্চিত হোৱাত শৰ্মাৰ লগতে তেওঁৰ সমৰ্থকসকল ক্ষুণ্ণ হৈ পৰিছে। এনে স্থিতিত বিজেপিৰ সমৰ্থকসকলে যে অগপৰ প্ৰাৰ্থীগৰাকীক যে ভোট দিব সেয়া আশা কৰিব নোৱাৰি ফলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে। 

Your Comments