ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
বুধবাৰে নিশা ডবকাত এখন অবৈধ কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়৷ কাৰ্বি আংলং জিলাৰ বকলিয়াৰ পৰা কয়লাভৰ্তি ট্ৰাকখনে ডবকা সংৰক্ষিত বনাঞ্চলৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীতমুখী এখন ট্ৰাকত খুন্দা মাৰে৷ ফলত দুয়োখন বাহন দুৰ্ঘটনাত পতিত হয়৷ এএছ-০১ জিচি-৯০৯১ নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখনে বিপৰীতমুখী এএছ-২৫ চি-৯৬৫১ নম্বৰ ট্ৰাকত খুন্দা মৰাৰ ফলত দুজন লোক আহত হয়৷ আহত চালক দুজন টিংকু সিং আৰু অমৰ নাথ বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত কৰা কয়লাভৰ্তি ট্ৰাকৰ চালকে পলায়ন কৰে৷ ডবকা আকাশীগংগা উপ-আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ কয়লাভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে৷
কয়লাভৰ্তি ট্ৰাকখনত নাই কোনো বৈধ নথি, পাৰ্মিট, চালানকে ধৰি ট্ৰেনজিট পাৰ্মিট৷ এই ঘটনাই কাৰ্বি পাহাৰৰ অবৈধ কয়লা খনন পোহৰলৈ আনে৷ কাৰ্বি আংলং জিলাৰ ডিচুবাই, ডিলাই, চিলনিজান আৰু লংমিলিৰ লগতে কেবা ঠাইত সম্প্ৰতি চোৰাং কয়লা মাফিয়া চক্ৰই কয়লাৰ খনন অব্যাহত ৰাখিছে৷ কাৰ্বি আংলং জিলাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰতে লংমিলিত আছে কয়লাৰ বৃহৎ ঘাটি৷ সূৰ্যাস্তৰ লগে লগে তাৰ পৰা কয়লাৰ গাড়ীসমূহ বোজাই কৰি ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জোৰাবাট নাইবা লংকা হৈ মেঘালয়ত প্ৰৱেশ কৰে৷ সম্প্ৰতি হোজাই জিলাৰ ডবকা, দেৱস্থান, হাওৰাঘাট আৰু লংকাৰ ইছলাম বস্তী অঞ্চলত আছে কয়লাৰ বৃহৎ য়াৰ্ড৷ তাতে নিশাৰ ভাগত কয়লাবোৰ লোডিং কৰি বিভিন্ন ট্ৰেনজিট পইন্টেৰে গৈ মেঘালয় নাইবা শিলচৰত প্ৰৱেশ কৰে৷
তাৰ আঁৰত আছে এক বৃহৎ কয়লা মাফিয়া চক্ৰ৷ প্ৰতি নিশা কাৰ্বি আংলঙৰ পৰা কয়লা ভৰ্তি ৫০/৬০খন ট্ৰাক পাৰ হয় ডবকা নাইবা হাওৰাঘাট, মোৰাঝাৰ, কাঁকী, লংকাৰ পথেৰে৷ কাৰ্বি আংলং জিলাৰ পৰা চোৰাংকৈ সৰবৰাহ হোৱা কয়লা সম্প্ৰতি হোজাই জিলাৰ লংকাৰ পিপলপুখুৰী, বামোন গাঁৱৰ আশেপাশে মজুত কৰি লোড-আনলোডিঙৰ কাম চলে৷ কাৰ্বি পাহাৰৰ কয়লাই লংকাৰ ডালমিয়া ভাৰত চিমেণ্টৰ ইন্ধনৰ কাম কৰিছে৷ একেই কয়লা ত্ৰিপুৰাৰ আগৰতলা হৈ বাংলাদেশতো প্ৰৱেশ কৰা বুলি ৰাইজে অভিযোগ কৰে৷
এক কথাত হোজাই জিলাৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথবোৰ হৈ পৰিছে কাৰ্বি পাহাৰৰ কয়লা সৰবৰাহৰ বাবে সুচল ট্ৰেনজিট পইণ্ট৷ এই চক্ৰটোৱে নিশা এটা বজাৰ পিছতহে কয়লাভৰ্তি এই ট্ৰাকবোৰ পাৰ কৰে৷ কয়লাভৰ্তি ট্ৰাকবোৰ পাৰ কৰোতে এই চক্ৰটোৱে হোজাই জিলাৰ বিভিন্ন পৰ্যায়ত ধনো খৰচ কৰে৷ আঁৰত আৰক্ষীৰ হাত থকা বুলিও এক অভিযোগ পোৱা গৈছে৷ অসম চৰকাৰে এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে৷
- Log in to post comments
- 36 views