বঙাইগাঁৱত ১০৬ কোটি টকা ব্যয়সাপেক্ষ ৰে'লৰ ডবা পুনঃনবীকৰণ কাৰখানাৰ শিলান্যাস ৰাজেন গোঁহাইৰ

বঙাইগাঁৱত ১০৬ কোটি টকা ব্যয়সাপেক্ষ ৰে'লৰ ডবা পুনঃনবীকৰণ কাৰখানাৰ শিলান্যাস ৰাজেন গোঁহাইৰ

কেন্দ্ৰীয় চৰকাৰৰ ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে আজি বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ৰে'ল'ৱে ডবা মেৰামতি কাৰখানা চৌহদত নিৰ্মাণ কৰিবলীয়া অত্যাধুনিক লিংক হফমেন বাস্ক (এল এইছ বি) ডবাৰ পুনঃনবীকৰণ কাৰখানা এটাৰ শিলান্যাস কৰে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে নিউ বঙাইগাঁও ডবা মেৰামতি কাৰখানা চৌহদত এই শিলান্যাস কৰাৰ সলনি নিউ বঙাইগাঁও ৰে'লৱে' জংচনৰ সন্মুখত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি ইয়াতে শিলান্যাসৰ ফলক মুকলি কৰে৷ ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে নিজৰ ভাষণ প্ৰসংগত কয়, 'আজি বঙাইগাঁওবাসী তথা অসমবাসীৰ কাৰণে এটা সু-খবৰ যে ১০৬ কোটি টকা ব্যয়েৰে মাহে ৪০টাকৈ এল এইচ বি ডবাৰ অন্তৰ্ভাগ সম্পূৰ্ণৰূপে নতুকৈ সজাই পুনঃনবীকৰণ কৰা কাৰখানা এটা বনোৱা হ'ব৷

কাৰখানাটো যথেষ্ট ডাঙৰ হ'ব৷ আমি বহুদিন আগৰে পৰাই বিচাৰি আছো যে অসমত এটা ডবা নিৰ্মাণ কাৰখানা লাগে৷ কিন্তু এইটো সম্পূৰ্ণ ডবা নিৰ্মাণ কাৰখানা নহয় যদিও ইয়াৰ শুভাৰম্ভণি হৈছে৷ সৰুকৈ হ'লেও আৰম্ভ হৈছে যেতিয়া অদূৰ ভৱিষ্যতে হয়তো এই সপোন ফলৱৰ্তী হ'বও পাৰে৷' তেওঁ লগতে আশা প্ৰকাশ কৰি কয় যে এই অত্যাধুনিক এল এইচ বি ডবাৰ পুনঃনবীকৰণ কাৰখানাত বহু লোকৰ সংস্থাপন হ'ব আৰু কিছুমান আনুষংগিক উদ্যোগো নিৰ্মাণ হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত ৰে'ল ৰাজ্যমন্ত্ৰী গোঁহায়ে আৰু কয় যে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে সেয়া সকলো ৰাইজে স্ব-চক্ষুৰে দেখা পাইছে৷

বঙাইগাঁৱত ১০৬ কোটি টকা ব্যয়সাপেক্ষ ৰে'লৰ ডবা পুনঃনবীকৰণ কাৰখানাৰ শিলান্যাস ৰাজেন গোঁহাইৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ নিতৌ পৰিৱৰ্তনৰ দিশত গতি কৰি আছে৷ একেদৰে প্ৰগতিৰ পিনেও গতি কৰি আছে আৰু সদায় বদলি হৈ আছে৷ সেয়ে আমি সদায় নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হ'বলৈ সক্ষম হৈছোঁ৷ সেইদৰে ভাৰতীয় ৰে'লৱে'তো এতিয়া অত্যাধুনিক ৰে'ল ট্ৰেইন ১৮ৰ সংযোজন ঘটিব৷ এইখন এখন অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰে'ল৷ যিখন ৰে'লৰ গতিবেগ ঘণ্টাত ১৬০ কিলোমিটাৰ৷ এইখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাণ কৰোতে ১৮ মাহ সময় লাগিছে৷ এই ৰে'লখন ১০০ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে৷ নিৰ্মাণ ব্যয় যথেষ্ট কম হৈছে৷ ভাৰতবৰ্ষত বছৰি ১০খনকৈ এনে ৰে'ল নিৰ্মাণ কৰা হ'ব৷ লাহে লাহে সমগ্ৰ ভাৰততে বিয়পি পৰিব৷ হয়তো সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে এই ৰে'লৰ সুবিধা লাভ কৰিব পাৰিব৷ কেৱল এয়াই নহয়, ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলতো কাম হৈছে৷

বগীবিল দলং সম্পূৰ্ণ হৈ গ'ল৷ যিখন বহু বছৰ ধৰি সম্পূৰ্ণ হোৱা নাছিল৷ আমাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে৷ বৰ্তমানলৈকে ছয়টা নতুন ৰে'লপথৰ প্ৰকল্প ৰূপায়ণ কৰা বুলি উল্লেখ কৰি কয় যে বিগত ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ১,২৯৯ কিলোমিটাৰ ৰে'লপথৰ কাম সম্পূৰ্ণ কৰা হৈছে৷ যিটো পূৰ্বৰ তুলনাত দুগুণ৷ তাৰোপৰি দুৰ্ঘটনাৰ দিশলৈ চাই বিগত দুটা বছৰত ১০ হেজাৰ কিলোমিটাৰ ৰে'লপথৰ ৰে'লৱে' ট্ৰেক সলনি কৰা হৈছে৷ সেইদৰে গোটেই ভাৰতবৰ্ষত বিদ্যুতৰ জৰিয়তে ৰে'ল চলোৱাৰ বাবে বৈদ্যুতিকীকৰণৰ কাম চলি আছে৷ অসমতো দ্বৈত ৰে'লপথৰ কাম চলি আছে৷ মন্ত্ৰীগৰাকীয়ে অহা ২১ ফেব্ৰুৱাৰীত হোজাইৰ পৰা লামংডিঙলৈ প্ৰথমটো দ্বৈত ৰে'লপথ মুকলি কৰিব বুলিও কয়৷

বঙাইগাঁৱত ১০৬ কোটি টকা ব্যয়সাপেক্ষ ৰে'লৰ ডবা পুনঃনবীকৰণ কাৰখানাৰ শিলান্যাস ৰাজেন গোঁহাইৰ

তেওঁ আৰু কয় যে পৰিকল্পনা বহু আছে৷ বিশেষকৈ শিলঘাটত এখন ৰে'ল দলং নিৰ্মাণ কৰিব খুজিছো৷ শৰাইঘাটতো এখন ৰে'ল দলং হ'ব৷ শৰাইঘাটত ৰে'ল দলং হ'লে ৰঙিয়া হৈও দ্বৈত ৰে'লপথ হ'ব৷ নতুন ৰে'লপথ নিৰ্মাণৰ ছাৰ্ভে চলি আছে৷ নাগালেণ্ডত বেলেগ পদ্ধতিৰে ৰে'লপথ নিৰ্মাণ কৰা হ'ব৷ তেওঁ পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলত বহুতো পৰিৱৰ্তন আহিছে আৰু আহিব বুলি কৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত যি উন্নয়ন হৈছে পূৰ্বে দেখা নাছিলো বুলিও কয়৷ গতিকে দেশে এটা প্ৰগতিৰ দিশে গতি কৰিছে আৰু এই প্ৰগতিৰ গতিটো যদি আমি অব্যাহত থকাটো বিচাৰো তেন্তে আগন্তুক দিনবিলাকত দেশৰ ৰাইজে বা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব বুলিও কয়৷ তেওঁ আৰু কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ-পূবত বিভিন্ন দিশত উন্নতি হৈছে। তেওঁ কয় যে আজি দুখীয়া লোকে বিনামূলীয়া ঘৰ, গেছ সংযোগ, বিজুলী, বিনামূলীয়া চিকিৎসা সেৱা, শৌচালয় আদি লাভ কৰিবলৈ সক্ষম হৈছে৷

শিলান্যাস অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ ৰঙিয়া সংমণ্ডলৰ প্ৰবন্ধক ৰবিলেশ কুমাৰ তথা অন্যান্য ৰে'লৱে' বিষয়াবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে ৰে'ল ৰাজ্যমন্ত্ৰী গোঁহায়ে কাৰখানাটোত মাহে ৪০টাকৈ ডবাৰ পুনঃনবীকৰণ কৰা হ'ব বুলি ভাষণত উল্লেখ কৰে যদিও উত্তৰ-পূব সীমান্ত ৰে'ল বিভাগৰ তথ্যত কাৰখানাটোত বাৰ্ষিক ১০০ৰো অধিকহে ডবা পুনঃসজ্জিত কৰা হ'ব বুলি উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে কাৰখানাটোৰ বাবে বৰ্তমান বিত্তীয় বৰ্ষত ৯০ কোটি টকা আবণ্টন দিছে৷ ইপিনে ৰে'ল ৰাজ্যমন্ত্ৰী গোঁহায়ে কাৰখানাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, 'আধাৰশিলা মই কৰা নাছিলো কাৰণে কাম আৰম্ভ কৰা হোৱা নাছিল৷

এইটো অনুমোদিত প্ৰকল্প আৰু পুঁজিও আছে৷ সেয়ে প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে সমস্যা নাই৷ যদিও পূৰ্বে সময় দিব পৰা নাছিলো, আজি আধাৰশিলা হৈ গ'ল আৰু কাইলৈ-পৰহিমানৰ পৰা কাম আৰম্ভ হৈ যাব৷' ইপিনে এই প্ৰকল্পটো দীৰ্ঘদিনৰ পৰা পৰি আছিল আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নোত্তৰত ৰে'ল ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে সেয়া নহয়৷ কাৰণ প্ৰকল্পটো যোৱাবছৰহে অনুমোদন হৈছে৷ তাৰোপৰি ডি পি আৰ আদি বনাই জমা দিয়াৰ পিচত তথা টকা-পইচা আহোঁতে কিছু সময়ৰ প্ৰয়োজন হয়৷ এইটো এটা ডাঙৰ প্ৰকল্প৷ ১০৬ কোটি টকা খৰচ কৰা হ'ব৷ সেয়ে প্ৰকল্পটো লোকসভা নিৰ্বাচনৰ আগত সম্পূৰ্ণ নহয় বুলিও কয়৷

অহাবাৰ বিজেপি চৰকাৰ নাহিলেও প্ৰকল্পৰ কাম চলি থাকিব৷ কাৰণ কোনো চৰকাৰী প্ৰকল্পৰ কাম ৰৈ নাথাকে৷ আনহাতে, পূৰ্বৰ ৰে'লমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিউ বঙাইগাঁওস্থিত ৰে'লৱে' ডবা মেৰামতি কাৰখানা চৌহদত ঔদ্যোগিক পাম (ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক) স্থাপনৰ কথা ঘোষণা কৰাৰ পিচতো স্থাপন নহ'ল বুলি সাংবাদিকে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত ৰে'ল ৰাজ্যমন্ত্ৰী গোহাঁয়ে কয় যে মুখেৰে ক'লে নহ'ব৷ বাজেটত আহিব লাগিব৷ তাৰোপৰি ৰে'লৱে' বিভাগে কিয় ঔদ্যোগিক পাম স্থাপন কৰিব? ৰে'ল বিভাগেতো ঔদ্যোগিক পাম স্থাপন নকৰে৷ ঔদ্যোগিক পাম স্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে কৰিব৷ ৰে'লৱে'ই ৰে'লৱে' প্ৰকল্পৰ কথাহে ক'ব পাৰে বুলিও কয়৷ ইপিনে কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত কয় যে দেশৰ ৰাইজ জাগি উঠিছে আৰু আক্ৰোশত আছে৷

বঙাইগাঁৱত ১০৬ কোটি টকা ব্যয়সাপেক্ষ ৰে'লৰ ডবা পুনঃনবীকৰণ কাৰখানাৰ শিলান্যাস ৰাজেন গোঁহাইৰ

নিশ্চয় আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত বিশ্বাস আছে যে তেওঁ দেশবাসীক কেতিয়াও হতাশ আৰু নিৰাশ নকৰে আৰু দেশবাসীক প্ৰতিশ্ৰুতি দিছে৷ লগতে এই  ছহিদসকলৰ প্ৰতি প্ৰতিটোপা তেজৰ তেওঁ প্ৰতিদান ল'ব আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে৷ সেই আক্ৰমণৰ ঘটনাৰ লগতে জড়িত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু অভিযান চলি আছে৷ তেওঁ যেনেকৈ কথা দিছে তেনেকৈ কাম কৰিব৷ কাৰণ আমি কেতিয়াও পাকিস্তান সমৰ্থিত আতংকবাদীক ভাৰতবৰ্ষত অস্থিৰতা আনিবলৈ সুযোগ নিদিওঁ৷ যুদ্ধ কৰিবলৈ যাওঁতে মাৰিমো মৰিমো৷ তাৰপিচতহে বিজয় হ'ব৷

আমাৰ কাৰ্গিল যুদ্ধতো বহু জোৱান মৰিছে৷ সেই কাৰণে আমি জোৱানক অত্যন্ত শ্ৰদ্ধা কৰো৷ তেওঁলোকৰ বলিদানৰ দ্বাৰা আমাৰ দেশখন সুৰক্ষিত আছে৷ গতিকে আমি সকলোৱে তেওঁলোকক শ্ৰদ্ধা কৰো৷ দেশৰ ৰাইজে আজি চকুপানী টুকিছে, শ্ৰদ্ধা জনাইছে৷ তেওঁলোকে আমাক সুৰক্ষা দিছে আৰু দেশখন সুৰক্ষিত কৰি ৰাখিছে৷ গোটেই দেশৰ ৰাইজে বুজি পায় যে জোৱানৰ কিমান মহত্ত্ব আছে, কিমান গুৰুত্ব আৰু ত্যাগ আছে৷ প্ৰত্যুত্তৰ দিয়া আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে গৈ থাকিব আৰু য'ত যেনেকুৱা পৰিস্থিতি আহিব সেই হিচাপে পদক্ষেপ ল'ব বুলিও কয়৷

Your Comments