জনজাতিকৰণত বিজেপিৰ প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ 

জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ 

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আজি বঙাইগাঁৱত আক্ৰাছুৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত সংগঠনটোৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালৰ সন্মুখৰ মূল ৰাজপথত আক্ৰাছু কৰ্মীসকলে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী প্ৰতাৰক, সৰ্বান্দ সোণোৱাল মিছলীয়া, মোডী চৰকাৰ গ'-বেক, ন' এছ টি ন' ৰেষ্ট, ন' কমতাপুৰ ন' ৰেষ্ট, বিজেপি চৰকাৰ লেই লেই চেই চেই, সৰ্বানন্দ সোণোৱাল গ'-বেক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ 

ইপিনে পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আক্ৰাছুৰ উপ-সভাপতি বলোৰাম বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি চৰকাৰে জনজাতিকৰণৰ যে এটা মিছা ললিপপ দিছিল সেয়া কালি প্ৰমাণিত হ'ল৷ কাৰণ জনজাতিকৰণৰ বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব বুলি কৈয়ো উত্থাপন নকৰিলে৷ সেয়ে আজি আমি প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় আৰু অসম চৰকাৰক সকীয়াই দিছো৷ লগতে কয় যে সৰ্বানন্দ সোণোৱালে বৃহত্তৰ অসমৰ কথা কয়, বৃহত্তৰ অসমৰ কথা চিন্তা কৰে৷ কিন্তু আজি ইয়াত হিন্দু-মুছলমানৰ কথা কয়৷ সেয়ে আমাৰ প্ৰশ্ন যে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাকৈ এয়া কেনেকৈ সম্ভৱ বুলি ভাবিছে৷ গতিকে ছয় জনগোষ্ঠীক যদি শীঘ্ৰে জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে বিজেপি চৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ পাব বুলিও কয়৷

লগতে আক্ৰাছুৱে বিজেপি হাটাও অভিযান আৰম্ভ কৰাৰ লগতে ভয়ংকৰ আন্দোলন আৰম্ভ হ'ব বুলিও হুংকাৰ দিয়ে৷ আনহাতে, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনতে বঙাইগাঁও জিলালৈ নিৰ্বাচনী প্ৰচাৰ অভিযানলৈ আহি কৈছিল যে যদিহে কেন্দ্ৰত দলৰ চৰকাৰ গঠন হয় তেতিয়াহ'লে ছমাহৰ ভিতৰতে কোচ ৰাজবংশীসকলৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব৷ কিন্তু ছমাহ উকলি যোৱাৰ লগতে পাঁচ বছৰীয়া কাৰ্যকালৰো অন্ত পৰিবৰ হ'ল যদিও জনজাতিকৰণ নকৰিলে৷ শেহতীয়াভাৱে সংসদৰ শীতকালীন অধিৱেশনত যিকোনো প্ৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি কৈছিল যদিও ৰাজ্যসভাত বিধেয়কখন উত্থাপনেই নকৰিলে৷ সেয়ে বিজেপি চৰকাৰ যে মিছলীয়া সেয়া প্ৰমাণিত হৈছে৷

জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতাৰণা : বঙাইগাঁৱত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ আক্ৰাছুৰ 

নিৰ্বাচনৰ আগত ৰাইজৰ মাজলৈ আহি নানা প্ৰতিশ্ৰুতি দি আঁভুৱা-ভাৰে৷ গতিকে আমি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনাই দিব বিচাৰিছো যে আমি আমাৰ কোনো কোচ ৰাজবংশী এলেকাত বিজেপিক কোনোধৰণৰ মেল-মিটিং কৰিবলৈ নিদিম৷ লগতে বিজেপি হাটাও, কোচ ৰাজবংশী বাচাও অভিযান আৰম্ভ কৰি আগন্তুক নিৰ্বাচনত কোনোপধ্যে বিজেপিক পুনৰ শাসনত বহিবলৈ সুবিধা নিদিম বুলিও হুংকাৰ দিয়ে৷ পুত্তিলা দাহ কাৰ্যসূচীত জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱা, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা শিৱানন বৰ্মন আদিকে ধৰি আক্ৰাছুৰ কৰ্মীসকল উপস্থিত থাকে৷

Your Comments