মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনক লৈ চলি থকা ক্ৰিয়া-প্ৰতিক্ৰিয়াই বিভ্ৰান্তি সৃষ্টি কৰিছে সৰ্বসাধাৰণৰ মাজত। এতিয়ালৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ কিম্বা জিলা প্ৰশাসনে প্ৰধান মন্ত্ৰীৰ আগমন সন্দৰ্ভত কোনো ধৰণৰ নিশ্চিত তথ্য প্ৰকাশ কৰা নাই। একমাত্ৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা বাতৰিক লৈ বৰ্তমান সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
ইফালে, অলপতে কামপুৰ পাৰলিগুৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই পূৰ্বৰ স্থিতিকে দোহাৰি পুনৰ কৈছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘই নাগৰিকত্ব সংশোধনী বিধেয়কক স্পষ্ট ভাষাত বিৰোধিতা কৰি আহিছে আৰু মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া সংঘৰ মূল অধিবেশনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত নথকাটো স্পষ্ট বুলি প্ৰকাশ কৰিছে। কিন্তু আশ্চর্যজনক কথা এয়ে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ স্থিতিৰ বিপৰীতে মৰিগাঁও আদৰণী সমিতিয়ে পূৰ্ণগতিত চলাই আছে ৩খনকৈ হেলিপেডৰ নিৰ্মাণকাৰ্য।
এনে ক্ষেত্রত কাৰ কথা সঁচা আৰু কাৰ কথা মিছা তাকে লৈ বিভ্ৰান্তিত পৰিবলগা হৈছে সৰ্বসাধাৰণ। ইফালে প্ৰধান মন্ত্ৰীৰ আগমনৰ বাতৰি প্ৰচাৰিত হোৱাৰ পিছতেই ৰাজ্যৰ দল-সংগঠনসমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ জনোৱাৰ পিছতেই আজি অসমীয়া জাতি ৰক্ষা সংগ্ৰাম সমিতিয়েও জনাইছে তীব্ৰ প্ৰতিবাদ।
সমিতিৰ সভাপতিমণ্ডলীৰ হৈ চিদাম দেউৰী, বদন শৰ্মা আৰু সম্পাদকমণ্ডলীৰ হৈ অনিল চন্দ্ৰ পাঠকে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণী সমিতিক এখন পত্ৰ প্ৰদান কৰি প্ৰধান মন্ত্ৰীৰ আগমনৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকে প্ৰদান কৰা পত্ৰত কয়- "যোৱা ২৯ জানুৱাৰীত জাগীভকত গাঁৱৰ সমূহীয়া ভৱনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সেই সভাত আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীকে আদি কৰি অসমৰ মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক আমন্ত্রণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
তাৰ অন্যথা আমাৰ অসমীয়া জাতি ৰক্ষা সংগ্ৰামী মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সৰ্বসন্মতি ক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। আমি সকলোৱে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ অনুগামী। উগ্ৰ হিন্দুত্ববাদীৰ কবলত পৰি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সংস্কৃতি বিনাশ নকৰিবলৈ আহ্বান জনাইছোঁ।" ইতিমধ্যে দল-সংগঠনসমূহে লোৱা এই যুযুধান স্থিতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰণী সমিতি আৰু জিলা প্ৰশাসনক অধিক চিন্তিত কৰি তুলিছে।
- Log in to post comments
- 18 views