বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগা প্ৰধান মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব মৰিগাঁৱত অনুষ্ঠিত হ'বলগা শংকৰ সংঘৰ অধিবেশনত। ইতিমধ্যে প্ৰধান মন্ত্ৰীগৰাকীৰ আগমনক লৈ শংকৰ সংঘৰ অধিবেশনস্থলীত প্ৰশাসনৰ ফালৰ পৰা সাজু কৰি তোলা হৈছে প্ৰায় ৪ বিঘা ভূমিত হেলিপেড।
অধিবেশনস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ইফালে প্ৰধা মন্ত্ৰীৰ আগমনক লৈ পুনৰ সৰৱ হৈ পৰিছে অসমৰ ৭০টাকৈ জাতীয় সংগঠন। কৃষক নেতা অখিল গগৈয়ে কিছুসময় পূৰ্বে দিল্লীত এক সংবাদমেল সম্বোধন কৰি কয় যে শংকৰৰ সংঘ অধিবেশনলৈ প্ৰধান মন্ত্ৰী আহিলে সন্মুখীন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্র প্ৰতিবাদী আন্দোলনৰ।
অসমৰ ৭০টাকৈ জাতীয় সংগঠনে প্ৰধান মন্ত্ৰীগৰাকীক ক'লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিব। লগতে কৃষক নেতাগৰাকীয়ে শংকৰ সংঘক আহ্বান জনাই কয়- সংঘৰ ফালৰ পৰা ব্যৱস্থা লওক, প্ৰধান মন্ত্ৰীৰ নিমন্ত্ৰণ বাতিল কৰক। অন্যথা ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হব প্ৰধান মন্ত্ৰী।
- Log in to post comments
- 117 views