অখিল গগৈক মৃত্যুৰ ভাবুকি বজৰং দলৰ নেতা টুটু মাণ্টাৰ : আক্ৰমণৰ পৰা কথমপি ৰক্ষা মাণ্টাৰ বাসগৃহ

অখিল গগৈক মৃত্যুৰ ভাবুকি বজৰং দলৰ নেতা টুটু মাণ্টাৰ : আক্ৰমণৰ পৰা কথমপি ৰক্ষা মাণ্টাৰ বাসগৃহ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ বাবে সংগ্ৰাম কৰি থকা কৃষক নেতা অখিল গগৈক কালি নিশা ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে নিজকে বজৰং দলৰ লোক বুলি পৰিচয় দিয়া টুটু মান্টা নামৰ এজন ব্যক্তিয়ে মুকলিকৈ মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰি এটা ভিডিঅ প্ৰচাৰ কৰাৰ পিচতে ৰাজ্যজুৰি সমগ্ৰ বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ টুটু মান্টাই ভিডিঅটোত  অখিল গগৈক মৃত্যুৰ ভাবুকি দিয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বা হিন্দু সকলৰ স'তে সমৰ্থন আগবঢ়াবলৈ আহ্বানো জনায় ৷

বঙাইগাঁও জিলা বজৰং দলৰ নেতা টুটু মান্টাই ছ'চিয়েল মিডিয়া যোগে অখিল গগৈক আন্দোলন বন্ধ কৰিবলৈও ধমকি দিয়ে ৷ইতিমধ্যে কৃষক নেতাগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদান কৰা বজৰং দলৰ নেতা টুটু মান্টাৰ বিৰুদ্ধে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আজি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ন্যায় বিচাৰি এখন লিখিত আবেদন দাখিল কৰে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ নৰ্থ ৱেষ্ট কলনিৰ আৰ পি এফ বেৰেকৰ কাষৰ বাসিন্দা টুটু মান্টাই নিজৰ ফেচবুক একাউন্টত এটা ভিডিঅ যোগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ৷ এই ভিডিঅটো পিচত ভাইৰেল হৈ পৰে আৰু সংবাদ মাধ্যমতো প্ৰচাৰ হোৱাত বিষয়টোকলৈ চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ভাইৰেল হৈ পৰা ভিডিটোত টুটু মান্টাই নিজকে বজৰং দলৰ লোক বুলি পৰিচয় দিয়াৰ লগতে জয় আই অসম বুলি কৈ কৃষক নেতাগৰাকীক উদ্দেশ্যি মৃত্যুৰ ভাবুকি দিয়াৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰিছে ৷ ভিডিঅটোত বজৰং দলৰ ব্যক্তিগৰাকীয়ে কয়- 'অখিল গগৈ তোক ফাৰ্ষ্ট আৰু লাৰ্ষ্ট ৱাৰ্নিং দিছো তই আমাৰ হিন্দুৰ বিৰুদ্ধে কেতিয়াও নালাগিবি ৷ তই .... বাংলাদেশী হয় ৷ তই আমাৰ হিন্দুৰ বিৰুদ্ধে বিষ নাঢালিবি ৷ আমি সকলো হিন্দুক একত্ৰিত কৰি আছো আৰু কৰিবলৈ দে ৷ তই এইবিলাক ৰাজনীতি এৰি দে ৷ তই কৃষক মুক্তি কৃষকৰ নিচিনা থাক ৷ নহ'লে এদিন আমাৰ অসমখন মুছলমানৰ হাতত যাব ৷ তই আমাৰ হিন্দুৰ হৈ কাম কৰ ৷ আজি বিজেপিয়ে যি কৰি আছে ভাল কৰি আছে ৷

অখিল গগৈক মৃত্যুৰ ভাবুকি বজৰং দলৰ নেতা টুটু মাণ্টাৰ : আক্ৰমণৰ পৰা কথমপি ৰক্ষা মাণ্টাৰ বাসগৃহ

আমি বজৰং দল ৷ আজি আমাৰ ভাৰতবৰ্ষত ৬৩০টা হিন্দু সংগঠন আছে ৷ আমি সকলো বিজেপি দলৰ লগত আছো ৷ তোৰ লগত আমি নাই ৷ মই অসমীয়া হওঁ আৰু অসমীয়া চব বুজি পাওঁ ৷ তই এইবিলাক ৰাজনীতি এৰি দে ৷ তোক মই এতিয়াও ভাল কৰি কৈ আছো ৷ তোক মই লাষ্ট-ফাৰ্ষ্ট ৱাৰ্নিং দিছো ৷মৰিমতো তোক লগত লৈ মৰিম ৷ আজি তই অসমখন জ্বলাই আছ ৷ নহ'লে কিন্তু তোৰ কথা বহুত বেয়া হৈ যাব ৷ তোৰ লগত কিমান মানুহ আছে?  আমি বিজেপিৰ লগত আছো ৷ তোৰ কাৰণে অসমখন এদিন মুছলিম ৰাষ্ট্ৰ হ'ব ৷ তই মুছলিমবিলাকক অসমৰ পৰা ওলাই দে ৷ সেইখিনি নকৰি তই হিন্দু বাঙালীৰ ওপৰত কিয় লাগি আছা? তোক লাষ্ট ফাৰ্ষ্ট ৱাৰ্নিং দিছো৷ হয় মৰিম নহ'লে তোক মাৰি দিম ৷ একদম এইটো কথা ভাবি ল ৷ আমাক চব একেলগে থাকিব দে ৷ আমি একেলগে বসবাস কৰিম আৰু হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে ৷

এইটোৱে আমাৰ উদ্দেশ্যে ৷ এই উদ্দেশ্যক চাকচেচ হ'বলৈ দে ৷ তাৰ পিচত কি কৰিব লাগে  কৰিম ৷' আদি বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰাৰ লগতে কৃষক নেতাগৰাকীক কেবাবাৰো ভাবুকি প্ৰদান কৰে ৷ ইপিনে অবৈধ সুৰাৰ ব্যৱসায়ত অভিযুক্ত নিজকে বজৰং দলৰ নেতা বুলি সততে দম্ভালি মৰা টুটু মান্টা নামৰ লোকজনে অখিল গগৈক মৃত্যুৰ ভাবুকি দিয়াৰ উপৰি মুছলমান লোক সকলৰ প্ৰতি বিৰূপ মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ একাংশ নেতা- কৰ্মীয়ে টুটু মান্টাক নিউ বঙাইগাঁৱৰ নৰ্থ ওৱেষ্ট ৰেলৱে ক'লনিত বিচাৰি যায় যদিও উক্ত সময়ত মান্টা আত্মগোপন কৰি আছিল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মীয়ে টুটু মান্টাৰ ঘৰত আক্ৰমণ কৰাৰ চেষ্টা চলায় যদিও আৰক্ষীৰ উপস্থিতিত ঘৰত আক্ৰমণ কৰিবলৈ সফল নহ'ল দলটো ৷ টুটু মান্টাক বিচাৰি যোৱাৰ সময়তে আৰক্ষীৰ দল উপস্থিত নোহোৱাহেঁতেন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ শংকা আছিল ৷

ইপিনে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি অহা সংগ্ৰামত চামিল হোৱা অখিল গগৈক মৃত্যুৰ ভাবুকিৰে বজৰং দলৰ এই নেতাজনে গণ প্ৰতিবাদ মষিমূৰ কৰিব বিচাৰিছে ৷ বজৰং দলৰ স্বয়ম্ভু নেতা টুটু মান্টাক প্ৰত্যাহ্বান জনাই কৃষক নেতা নন্দন দেৱনাথে কয়, আজি তেওঁক ঘৰত বিচাৰি যোৱা হৈছিল৷ তেওঁৰ যুক্তি জনাৰ বাবে ৷ কিন্তু ছ'চিয়েল মিডিয়াত তাল-ফাল কৰা টুটু মান্টাই ঘৰৰ পৰা পলায়ন কৰে ৷

অখিল গগৈক মৃত্যুৰ ভাবুকি বজৰং দলৰ নেতা টুটু মাণ্টাৰ : আক্ৰমণৰ পৰা কথমপি ৰক্ষা মাণ্টাৰ বাসগৃহ

নন্দন দেৱনাথে টুটু মান্টাৰ সন্ধান দিওঁতাক এক লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰে ৷ টুটু মান্টাক য'তেই দেখিব, কৃষক মুক্তি সংগ্ৰাম সমিতিক জনাবলৈ অনুৰোধ জনাইছে ৷ লগতে বঙাইগাঁও আৰক্ষী প্ৰশাসনক ২৪ ঘন্টাৰ ভিতৰত টুটু মান্টাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দন দেৱনাথৰ অভিযোগ বজৰং দলৰ স্বয়ম্ভু নেতা টুটু মান্টা নিজেই ৰে'লৰ মাটি দখল কৰি বসবাস কৰি আছে ৷

দীৰ্ঘদিন ধৰি চোৰাং গৰুৰ চিণ্ডিকেট আৰু অবৈধ বিলাতী সুৰাৰ ব্যৱসায়ত জড়িত টুটু মান্টাৰ বিৰুদ্ধে অচিৰেই কেলেংকাৰী ফাদিল কৰিব বুলিও কৃষক নেতাজনে হুংকাৰ দিয়ে ৷ উল্লেখ্য যে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বজৰং দলৰ নেতা টুটু মান্টাই কৃষক নেতা অখিল গগৈক ছ'চিয়েল মিডিয়া যোগে মুকলিকৈ মৃত্যুৰ ভাবুকি প্ৰদান কৰা আৰু হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যে ভয়াৱহ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা টুটু মান্টাক অনতি পলমে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাই জিলা আৰক্ষী অধীক্ষকক এখন লিখিত আবেদন দিয়ে ৷

Your Comments