মৰিগাঁৱৰ পৰা জিতুমণি নাথ
অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশনখনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণক লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাৰ মাজতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিবেশনখনিত অংশগ্ৰহণ কৰিব বুলি আজি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্ক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁৱৰ আদৰণী সমিতি কিম্বা জিলা প্ৰশাসনে এতিয়ালৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰা নাই যদিও অধিৱেশনখনিত দিনে-নিশাই হেলিপেডৰ নিৰ্মাণকাৰ্যত নিয়োজিত হৈ পৰিছে আদৰণী সমিতি।
প্ৰধান মন্ত্ৰীৰ আগমনৰ বাতৰি প্ৰচাৰ হৈ পৰাৰ লগে লগে জাতীয় দল-সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই প্ৰধান মন্ত্ৰীৰ আগমনে জ্বলা জুইত ঘিঁউ ঢালিব বুলি প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৭০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই আজি মৰিগাঁও নগৰত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাচনি, সম্পাদক ৰণ্টুমণি ডেকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন শইকীয়া, খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সম্পাদক সুৰেশ দাস, আমছুৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইনকে আদি কৰি প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা সভাখনত জাতিধ্বংসী কাৰ্যত লিপ্ত থকা ভাৰতৰ প্ৰধান মন্ত্ৰী, অসমৰ মুখ্য মন্ত্ৰীকে ধৰি বিজেপি দলৰ মন্ত্ৰী-নেতাক মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ আমন্ত্ৰণ জনোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অসমীয়া জাতীয় জীৱনৰ চৰম সংকটৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰজাঘৰৰ পৰিৱৰ্তে প্ৰজাঘৰৰ লগত থাকি অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাবে সজোৰে মাত মতাৰ লগতে অধিবেশনলৈ এই ৰাজনৈতিক নেতাসকলক আমন্ত্ৰণ জনোৱা কাৰ্য বাতিলৰ বাবে আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি, অধিৱেশনত ভাৰতৰ প্ৰধান মন্ত্ৰী, অসমৰ মুখ্য মন্ত্ৰীকে ধৰি বিজেপি দলৰ নেতা উপস্থিত থাকিলে অধিবেশনত সহযোগিতা কৰাৰ পৰিৱৰ্তে অধিবেশনৰকেইদিন যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাই মৰিগাঁৱত পৰিৱেশ-পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ সম্ভাৱনাই বিৰাজ কৰিছে।
- Log in to post comments
- 360 views