উদুলি-মুদুলি জোঙাল বলহু সমন্বয় ক্ষেত্ৰ : সাহিত্য সভাৰ অধিবেশনৰ আজি দ্বিতীয় দিন

উদুলি-মুদুলি জোঙাল বলহু সমন্বয় ক্ষেত্ৰ : সাহিত্য সভাৰ অধিবেশনৰ আজি দ্বিতীয় দিন

ৰহাৰ সাহিত্য সভা অধিবেশনস্থলীৰ পৰা মানস জ্যোতি মহন্ত

সাহিত্যৰথীক সুঁৱৰি ৰহাত আৰম্ভ হ'ল অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন৷ অসমীয়া জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী, ভাষা-সংস্কৃতিৰ ৰহঘৰা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশনখনি ব্যাপক উছাহেৰে আজিৰে পৰা আৰম্ভ হয় মধ্য অসমৰ ৰহাত। ইয়াকে লৈ উদুলি-মুদুলি নগাঁৱৰ ৰহা। ৰহাৰ বাটমাৰি পথাৰৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনি। বৃহস্পতিবাৰে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত কপিলী নদীৰ পাৰত স্থাপিত সাহিত্যৰথীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় সাহিত্য সভাৰ এই দশম বিশেষ বাৰ্ষিক ৰহা অধিবেশনৰ প্ৰথম কাৰ্যসূচী।

ৰসৰাজৰ প্ৰতিমূৰ্তিত প্ৰথমে বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। ইয়াৰ পিচতে উপ-সভাপতিসকল, আদৰণী সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাহিত্যানুৰাগীয়ে বেজবৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। দিনৰ ১২ বজাত অনুষ্ঠিত হয় মেডাম-মে-ফি। মুখ্য অতিথিৰূপে উপস্থিত থাকে উপ-সভাপতি ডঃ হেমন্ত কুমাৰ বৰুৱা আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ডঃ পুষ্প গগৈ। ইয়াৰ পিচতে অধিবেশনস্থলীত নামঘৰ উদ্বোধন কৰে সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। মুখ্যদ্বাৰ উন্মোচন কৰে প্ৰবাসী অসমীয়া ডাঃ কৰুণা সাগৰ দাসে। লগতে কৃষ্ণৰায় মেধি সোঁৱৰণি কেন্দ্ৰীয় সভাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই। গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱচৌধুৰীয়ে৷

বাণিজ্য মেলা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ চাও লোকেশ্বৰ গগৈয়ে, প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে ৰহা নগৰ সমিতিৰ সভাপতি ধ্ৰুৱ দাসে, মূল মণ্ডপ উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসে আৰু মূল মঞ্চ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। আজি পতাকা উত্তোলনেৰে অধিবেশনৰ মূল কাৰ্যসূচী পাতনি মেলা হয়। ইতিমধ্যে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহি অধিবেশনস্থলীত উপস্থিত হৈছেহি। ইপিনে এই অধিবেশনতে অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে সভাপতি আৰু প্ৰধান সম্পাদকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি সভাপতি পৰমানন্দ ৰাজবংশীয়ে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোককে অধিবেশনখনিত সহযোগ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয় যে বৰ্তমান জাতীয় সংকটৰ গতানুগতিকতাৰ পৰা ঊৰ্ধ্বত নি বৃহত্তৰ অসমীয়া খিলঞ্জীয়া মাতৃভাষাৰ শত্ৰুসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ গঢ়িবলৈ অসম সাহিত্য সভাই চেষ্টা চলাইছে বুলি মন্তব্য কৰি নতুন প্ৰজন্মক এখন সুস্থ সংহত সমাজ দিবলৈ চেষ্টা চলাইছে বুলি কয়। তদুপৰি, ৰাজনৈতিক প্ৰৰোচনাই যাতে সমাজ বিঘ্নিত কৰিব নোৱাৰে তাৰবাবে নৱপ্ৰজন্ম সচেতন হ'বলৈ আহ্বান জনায়। আনপিনে, মুখ্য মন্ত্ৰীক সভালৈ আমন্ত্ৰণ জনোৱাৰ সম্পৰ্কত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতা কৰাৰ সম্পৰ্কত সভাপতি পৰমানন্দ ৰাজবংশীয়ে 'এই মহামেলাত কাকো ক'লা পতাকা নেদেখাওঁ; ক'লা মুখ দেখুৱাম' বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

আনহাতে, বৃহস্পতিবাৰে সন্ধ্যা ৬ বজাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ চতুৰ্থ পূৰ্ণাংগ অধিবেশন। ইয়াৰ পিছতে কোকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ সোঁৱৰণীত "চেনাই মই যাওঁ দেই" শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত বহুকেইজন বিশিষ্ট শিল্পীৰ লগতে স্থানীয় বহু শিল্পীয়ে সংগীত পৰিবেশন কৰে। 

Your Comments