যিকোনো আধ্যাত্মিক অনুষ্ঠানৰ পৰা ইতিবাচক শক্তি লাভ কৰা যায়। সেয়ে সকলো লোকে বিশুদ্ধ মনেৰে ঈশ্বৰৰ নাম লৈ মানৱীয় প্ৰমূল্যবোধৰ পথেৰে আগবাঢ়ি যাব লাগিব। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ বৃহস্পতিবাৰে বিয়লি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধৰ্মপুৰ ৰাসমন্দিৰ প্ৰাংগণত অনুষ্ঠিত সাৰ্বজনীন পালনাম মহোৎসৱৰ সোণালী জয়ন্তী উৎসৱৰ প্ৰথমদিনাৰ কাৰ্যসূচী স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলিসভাত উপস্থিত থাকি মুখ্য মন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে মন পৰিষ্কাৰ হ'লেহে কাম পৰিষ্কাৰ হ'ব।
লগতে মহাপুৰুষ শংকৰদেৱ আৰু মাধবদেৱে দেখুৱাই যোৱা পথেৰে আগবাঢ়ি গ'লেহে আমি সমাজখন আধ্যাত্মিক দিশত আগবাঢ়িব পাৰিম। আমাৰ ৩৩খন জিলা প্ৰাণ পাই উঠিব। কঠোৰ পৰিশ্ৰম কৰিলেহে আমি শান্তি বুটলিবলৈ সক্ষম হ'ম। ইয়াৰ কাৰণে ৰাইজে আন্তৰিকতাৰে আৰু সহযোগিতাৰে কাম কৰিব লাগিব৷ তেতিয়াহে ৩ কোটি ৩৩ লাখ জনতাই অসমখন ভাৰতৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিব। মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে উঠি অহা ল'ৰা-ছোৱালীসকলক পিতৃ-মাতৃসকলে আধ্যাত্মিক দিশেৰে আগবঢ়াই নিলেহে ভবিষ্যতে এখন সুস্থ-সবল সমাজ এখন পাবলৈ আমি সক্ষম হ'ম।
বহুত ধন-সম্পত্তি আৰ্জিলেও আধ্যাত্মিক শিক্ষা অবিহনে কোনো লোকেই জীৱনত শান্তি লাভ কৰিব নোৱাৰে। ইপিনে মুখ্য মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত কিছুমান লোকে ৰাজ্যখন অস্থিৰ কৰাৰ চেষ্টা কৰি আছে। ৰাইজে ভয় খাব নালাগে। তেওঁ অসমৰ জাতি, মাটি, ভেটি, সংস্কৃতিৰ হানি হ'ব পৰা কাম কেতিয়াও নকৰে বুলি কয়। লগতে বৰ্তমান যি নাগৰিকত্ব সংশোধনীৰ প্ৰক্ৰিয়া চলি আছে সেয়া পূৰ্বৰে পৰা চলি থকা প্ৰক্ৰিয়া বুলিও ভাষণত উল্লেখ কৰে৷ আনহাতে, সম্প্ৰতি ৰাজ্যখনত দেখা দিয়া অস্থিৰ পৰিৱেশৰ বাবে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহক দায়ী কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে ভুল ব্যাখ্যাৰে ৰাইজক প্ৰৰোচিত কৰাৰ লগতে বিভ্ৰান্ত কৰিছে৷
মুখ্য মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি দেখা দিয়া অস্থিৰতাৰ সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰোঁতে শিষ্টাচাৰেৰে প্ৰতিবাদ কৰিবলৈও আহ্বান জনায়। সম্প্ৰতি আছুৱে অহিংস চৰিত্ৰ সলনি কৰি হিংসাত্মক কৰ্মকাণ্ডত জড়িত হোৱাত দুখ প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যৰ পৰা আছুক আঁতৰি আহিবলৈ ভাষণত আহ্বান জনায়। সভাত অসম চৰকাৰৰ শক্তি আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈয়েও বক্তব্য ৰাখে। অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰ্তমানৰ বিধায়ক অনন্ত কুমাৰ মালো, সত্ৰাধিকাৰ নিগমানন্দ দেৱ অধিকাৰী, জ্যোতিষ পাঠক, বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি সুকেন ৰায়, বিজেপি নেতা শংকৰ দাস আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে সোণালী জয়ন্তী উৎসৱত অংশ লোৱাৰ পিচতে মুখ্য মন্ত্ৰীগকাকীয়ে ধৰ্মপুৰ সত্ৰত উপস্থিত হয় আৰু নৱনিৰ্মিত কীৰ্তন ঘৰত সেৱা জনাই সত্ৰাধিকাৰৰ পৰা নিৰ্মালী গ্ৰহণ কৰাৰ লগতে আশিস লয়৷
ইপিনে মুখ্য মন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি অভয়াপুৰী চহৰত প্ৰশাসনে এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷ পুৱাৰে পৰাই চহৰখনত শ শ আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰাৰ লগতে প্ৰতিবাদকাৰীৰ সৈতে মোকামিলা কৰিবলৈ ব্ৰজ বাহনো সষ্টম কৰি ৰাখে। প্ৰশাসনৰ এনে সমৰ-সজ্জাৰ মাজতেই ক'লা পোছাক পৰিধান কৰি মুখ্য মন্ত্ৰীৰ সভালৈ বুলি যোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি চাৰিটা সংগঠনৰ কৰ্মীক আৰক্ষীয়ে অভয়াপুৰী থানাৰ সন্মুখত চিনি পাই আগভেটা দি ধৰে৷
সংগঠনকেইটাৰ কৰ্মীসকলে প্ৰতিবাদ কৰিবলৈ অহা নাই বুলি কৈ সভালৈ যাব বিচাৰে যদিও আৰক্ষীয়ে ১৪৪ ধাৰাৰ অধীনত দলটোক দণ্ডাধীশৰ উপস্থিতিত আটক কৰে৷ পিচত সংগঠনকেইটাৰ কৰ্মীসকলে আৰক্ষীৰ এই কাৰ্যৰ প্ৰতিবাদ কৰি পথৰ ওপৰতে বহি লৈ বিভিন্ন শ্লোগান দিবলৈ ধৰে৷ তেতিয়া আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক টানি, চোঁচৰাই থানালৈ লৈ যায়৷ আৰক্ষীয়ে প্ৰতিবাদ জনোৱা অৰ্ধ-শতাধিক ছাত্ৰ সংগঠনৰ সদস্যক আটক কৰে।
- Log in to post comments
- 19 views