''এতিয়া প্ৰাক্-প্ৰাথমিক স্কুল একেবাৰে নোহোৱা নহয়৷ কিন্তু সেইবোৰ ইংৰাজী মাধ্যমৰ৷ মই কোৱা নাই যে ইংৰাজী মাধ্যমত শিক্ষা ল'ব নালাগে৷ লাগে কিন্তু প্ৰাক্-প্ৰাথমিক পৰ্যায়তে যদি শিক্ষাতো ইংৰাজীত হয় তেতিয়াহ'লে আমাৰ ব্যক্তিগত জীৱনৰ লোককথাৰ লগত, লোক-সংস্কৃতিৰ লগত যিটো সম্পৰ্ক থাকিব লাগে, তাৰ লগত কেতিয়াও পৰিচিত নহয়৷" এই বক্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ডাউন-টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীৰ৷ দেওবাৰে বঙাইগাঁও চহৰৰ নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদ্যাপন বৰ্ষৰ সামৰণী অনুষ্ঠানৰ অন্তিমদিনাৰ বক্তৃতানুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়৷
ৰূপালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে বন্তি প্ৰজ্জ্বলন কৰি উদ্বোধন কৰা বক্তৃতানুষ্ঠানত 'অসমৰ সাম্প্ৰতিক শিক্ষ, প্ৰত্যাহ্বান' শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় যে আমাৰ লোককথা আৰু লোক-সংস্কৃতিৰ লগত যদি পৰিচিত নহয় আৰু আমি তেজীমলাৰ সলনি জেক এণ্ড জিলৰ কথাৰে যেতিয়া জীৱনটো আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ সংস্কৃতিৰ লগত এটা বিচ্ছিন্নতা আহি পৰে৷ সেই বিচ্ছিন্নতাই এইখিনি সময়ত কিন্তু যিসকলে প্ৰাক্-প্ৰাথমিক পৰ্যায়ত নিজৰ ল'ৰা-ছোৱালীক ভাল ভাবি ইংৰাজী স্কুলত দিছে যদিও সেইটো কৰিবলৈ যাওঁতে আমাৰ মূল সংস্কৃতিক যিটো শিক্ষাৰ দ্বাৰা উঠাবলৈ খুজিছিলোঁ, সেই সংস্কৃতিকে কিন্তু অৱনমন কৰা হৈছে৷ গতিকে এই প্ৰাক্-প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ ওপৰত উপযুক্ত গুৰুত্ব দিবলৈ তেওঁ শিক্ষকসকলৰ লগতে শিক্ষাৰ লগত জড়িত ব্যক্তিসকল আৰু যিকল মন্ত্ৰী-বিধায়কে নিয়ম কৰে তেওঁলোকক অনুৰোধ জনায়৷
উপাচাৰ্যগৰাকীয়ে কয় যে যেতিয়া বাহিৰৰ পৰিৱেশৰ পৰা আনি ল'ৰা-ছোৱালীখিনিক প্ৰাইমাৰী বা বুনীয়াদী স্কুলৰ বন্ধ কোঠা এটাত সুমুৱাই দিয়া হয় সেই সময়খিনিতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে আচলতে শিক্ষাৰ মূল ব্যৱস্থাৰ পৰা হেৰাই যায়৷ কিন্তু এই কথাটো আমি মুকলিকৈ চিন্তা কৰা নাই৷ দেশ-বিদেশত বিভিন্ন ঠাইত প্ৰাক্- প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান আছে যদিও প্ৰাক্-প্ৰাথমিক শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ নিদিয়ে৷ বৰং ল'ৰা-ছোৱালীখিনিক সমুহীয়াভাৱে যাতে জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰা হয়৷ এই প্ৰস্তুতি নথকাৰ বাবেই আমাৰ একাংশ ছাত্ৰ-ছাত্ৰী স্কুলত সোমোৱাৰ দিনটোতেই তেওঁলোক শিক্ষাৰ পৰা হেৰাই গৈছে আৰু আগবাঢ়িব পৰা নাই৷ তেওঁ বৰ্তমান সময়ত প্ৰাক্-প্ৰাথমিক শিক্ষাটো প্ৰাসংগিক হৈ পৰিছে বুলি মন্তব্য কৰি কয় যে আমাৰ শিক্ষা ব্যৱস্থাই দৰাচলতে আমাক প্ৰকৃতিৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি ৰাখিছে৷ সেয়ে বন্ধ কোঠাৰ পৰা ওলাই আনি বাহিৰৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলক পৰ্যাপ্ত সময় দিয়াটো অত্যন্ত প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে বুলি কয়৷
নিজৰ বক্তৃতাত তেওঁ আৰু কয় যে বুনিয়াদী পৰ্যায়ৰ শিক্ষাৰ লক্ষ্যটো হৈছে যে আমাৰ জীৱনৰ যিখিনি বুনিয়াদী প্ৰয়োজন তাৰ ব্যৱস্থা কৰিবলৈকে দৰাচলতে বুনিয়াদী পৰ্যায়ৰ শিক্ষাটো কৰা হৈছে ৷ কিন্তু সেইখিনি কৰিবলৈ গৈ বুনিয়াদী শিক্ষাত এনে কিছুমান বিষয় জাপি দিয়া হৈছে যে সেই বিষয়সমূহৰ প্ৰয়োজন বুনিয়াদী পৰ্যায়ত নাছিল ৷ সেই কাৰণে আমাৰ ছাত্ৰ- ছাত্ৰীসকলে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত তেওঁলোকে আচলতে বেছিকৈ কথা সুমুৱাই দিবলৈ যত্ন কৰাৰ কাৰণে তেওঁলোকে তাৰ পৰা এজন ভাল চিন্তা কৰা ব্যক্তি হিচাপে ওলাই নাহে৷ এইটো এটা ওলোটা কথা হৈছে৷ দেশ-বিদেশৰ স্কুলত এনে ব্যৱস্থা নাই৷ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক পৰ্যায়ত বেছিকৈ পঢ়িবলগীয়া হোৱাৰ বিপৰীতে তেওঁলোকে কমকৈ পঢ়িব লাগে৷ আনহাতে, বিশ্ববিদ্যালয় পৰ্যায়ত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কম পঢ়িব লগীয়া হয় বাহিৰৰ ছাত্ৰ-ছাত্ৰীতকৈ৷ তেওঁ শিক্ষক অবিহনে শিক্ষা নহয় বুলি কৈ যিমান ত্যাগ কৰিব পাৰি সিমানেই দৰাচলতে শিক্ষাৰ পৰ্যায় আহিব বুলি কয় ৷ গতিকে শিক্ষকগৰাকীয়ে ত্যাগ কৰাৰ বাহিৰে আন উপায় নাই৷ শিক্ষকগৰাকীয়ে ছাত্ৰক সময় দিব লাগিব৷ ঘৰত অসুবিধা হ'ব৷ কিন্তু শিক্ষকসকলেও আগবাঢ়ি আহিব লাগিব ৷
আনহাতে মাধ্যমিক শিক্ষা ব্যৱস্থাক কথা কবলৈ গৈ তেওঁ কয় যে মাধ্যমিক পৰ্যায়তো ছাত্ৰ-ছাত্ৰীসকলক বেছিকৈ পঢ়াইছে৷ মাধ্যমিক শিক্ষাৰ উদ্দেশ্য আছিল যাতে এজন ছাত্ৰ বা ছাত্ৰীয়ে যাতে মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিচত অতি বুনিয়াদী পৰ্যায়ৰ কাম কৰিব পৰা হয়৷ তেওঁলোকে ওপৰলৈ নপঢ়িলেও যাতে কিছুমান কাম কৰিব পাৰে তাৰ বাবে প্ৰস্তুত কৰা হয়৷ কিন্তু এই প্ৰস্তুত কৰাটো কৰবাতে ৰৈ গ'ল৷ তেওঁ বিভিন্নজনৰ উদাহৰণ দাঙি ধৰাৰ লগতে নিজৰ ব্যক্তিগত জীৱনৰ কথাও বক্তৃতানুষ্ঠানত উল্লেখ কৰে৷ লগতে কয় যে শিক্ষানুষ্ঠানসমূহে বৰ্তমান নতুন চিন্তা কৰিব লাগিব, নতুন উদ্ভাৱন কৰিব লাগিব ৷ ভাল শিক্ষানুষ্ঠানৰ কৰ্তব্য হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলোকো সমানে সন্মান প্ৰদান কৰিব লাগিব৷ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অহৰহভাৱে ত্যাগ কৰি থাকিব লাগে৷ নহ'লে তেওঁলোকে ভাল ছাত্ৰ-ছাত্ৰী প্ৰস্তুত কৰিব নোৱাৰে৷
গতিকে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যাতে এটা সুৰক্ষা দিব পাৰি তাৰ কাৰণে শিক্ষানুষ্ঠানসমূহে ব্যৱস্থা ল'ব লাগে৷ এনেকুৱা ধৰণৰ ব্যৱস্থা যিবোৰে কৰিছে এইবোৰ ভাল শিক্ষানুষ্ঠান ৷ কাৰণ যিহেতু উচ্চ শিক্ষাক নতুন চিন্তা কৰিবলৈ কোৱা হৈছে, সেয়ে নতুন চিন্তা কৰাৰ কাৰণে বহুতো সময় লাগে আৰু তেওঁলোকক সেইখিনি চিন্তা কৰিবলৈ আন চিন্তাৰ পৰা মুকলি কৰি দিয়াটো অত্যন্ত প্ৰয়োজনীয় হ'ব৷ উচ্চ শিক্ষাৰ শিক্ষক-শিক্ষয়িত্ৰী ,গৱেষকসকলক যাতে সুবিধা দিবটো পাৰি সেইটো আমি কৰিব লাগিব৷ কিন্তু তথাপিতো মই কও যে আমাৰ মূল কথাটো কিন্তু প্ৰাথমিক শিক্ষা ৷
প্ৰাথমিক শিক্ষাক ভাল কৰিব লাগিবই ৷ কাৰণ উচ্চ শিক্ষাৰ ওপৰৰ যিটো হাইপাৰ ষ্ট্ৰাক্সাৰ বুলি কও সেইটোত আপোনা আপুনি কিছুমান ল'ৰা-ছোৱালী ভাল হ'ব ৷ তাৰ কাৰণে কৃতিত্ব কিন্তু বিশ্ববিদ্যালয় বা সেইখন কলেজে দাবী কৰিব নোৱাৰে বুলিও কয় ৷ তেওঁ বীৰঝৰা কন্যা মহাবিদ্যালয়ত মহিলাৰ বিষয়ে এটা কোষ গঠন কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায় ৷ এই কোষটোৰ জৰয়তে মহাবিদ্যালয়খনৰ ওচৰৰ অঞ্চলৰ মহিলাসকলৰ অসুবিধাসমূহ দূৰ কৰা তথা বিভিন্ন পৰামৰ্শ দিয়াৰ ভেটি প্ৰস্তুত কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনায় ৷ ইপিনে ইয়াৰ পিচতে অনুষ্ঠিত হয় 'নাৰীঃ অনাগত ভবিষ্যত' শীৰ্ষক বিষয়ৰ বক্তৃতানুষ্ঠান ৷ এই বক্তৃতানুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী আই আই টিৰ অধ্যাপক ড৹ চন্দন মহন্তই কয় যে দয়া, মায়া, ক্ষমা,সহনশীলতা, সহিষ্ণুতাৰ লগতে যিবোৰ অন্যান্য বিষয় তথা মহিলাসকলৰ যিবোৰ বিষয়ত দখল আছে, সেই গুণবোৰেহে ভৱিষ্যত পৃথিৱীখনক ৰক্ষা কৰিব ৷
আনকি যিবোৰ দিশত মহিলাসকলৰ পাৰদৰ্শিতা বেছি সেই গুণবোৰ হয়তো এটা সময়ত পুৰুষসকলে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব ৷ ইতিমধ্যে মহিলাসকলে বিশ্বৰ যিবিলাক বিকাশশীল দেশ সেই দেশবোৰত পুৰুষসকলক বহু ক্ষেত্ৰত অতিক্ৰম কৰিছে বুলিও কয় ৷ আনহাতে তেওঁ বঙাইগাঁও অঞ্চলটোৰ বাবে বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মহাবিদ্যালয়খনক মহিলাসকলৰ সামগ্ৰিক উন্নয়নৰ অনুষ্ঠান হিচাপে গঢ় দিবলৈকো আহ্বান জনায় ৷ লগতে ভবিষ্যতে মহাবিদ্যালয়খনক মহিলা বিশ্ব বিদ্যালয়ৰ ৰূপত দেখিবলৈ পোৱাৰো আশা ব্যক্ত কৰে ৷ তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰীসকলক লগে লগে এটা বিশ্বকেন্দ্ৰিক ব্যক্তিত্ব নহৈ মাটিৰ লগত জৰিত যিবোৰ গুণ সেই গুণসমূহ আয়ত্ত কৰিবলৈ অনুৰোধ জনায় ৷
তেওঁ কয় যে ভবিষ্যতলৈ মাটিৰ পৰা পোৱা যিবোৰ গুণ সেই গুণবোৰৰহে মূল্য বৃদ্ধি পাব ৷ উল্লেখ্য যে বক্তৃতানুষ্ঠানৰ পিচতে মুকলি সভা অনুষ্ঠিত হ'ব লাগিছিল যদিও অতিথিৰ অনুপস্থিতিৰ বাবে এই মুখ্য কাৰ্যসূচী উদযাপন সমিতিয়ে বাতিল কৰিবলগীয়া হয় ৷ কেৱল কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড৹ মিনতি বৰঠাকুৰহে উপস্থিত হোৱাত তেঁৱক বক্তৃতানুষ্ঠানতে বক্তব্য প্ৰদানৰ সুবিধা প্ৰদান কৰি মুকলি সভাৰ কাৰ্যূচীও তাতেই সমাপ্ত কৰে ৷ বক্তৃতানুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষা নলিনী দাস বৈশ্য, ড৹ চন্দন মহন্তৰ সহধৰ্মিনী অঞ্জনা মহন্তও উপস্থিত থাকে ৷ মুকলি সভালৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড৹ দয়ানন্দ বৰগোহাঞিক আমন্ত্ৰণ জনাইছিল যদিও এওলোক এগৰাকীও উপস্থিত নাথাকিল ৷ সেইদৰে গ্ৰন্থ বিপনীত গ্ৰন্থৰ বিক্ৰী আছিল একেবাৰে সেৰেঙা ৷ সন্ধিয়া স্থানীয় আৰু কলকাতাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণী পৰে ৷
- Log in to post comments
- 34 views