নিশা গুৱাহাটী ভঙাগড়ৰ EXORO বাৰত যুৱতী আৰু কৰ্তৃপক্ষৰ মাজত মাৰ-পিটৰ ঘটনা

A

নিউজ ডেস্ক:

নিশা গুৱাহাটী মহানগৰীৰ বাৰত উত্তেজনা।ভঙাগড়ৰ EXOROনামৰ বাৰ খনত মাৰপিটৰ ঘটনা।সুৰামত্ত হৈ যুৱতীয়ে বাৰখনত তাণ্ডৱ চলোৱাৰ গুৰুতৰ অভিযোগ।

সুৰামত্ত দুই যুৱতীয়ে বাৰখনত থকা ফুলৰ টাবকে ধৰি একাধিক সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ। 

আনফালে বাৰখনৰ বাউঞ্চাৰে যুৱতীদ্বয়ক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী দুগৰাকীয়ে।যুৱতী দুগৰাকীৰ হাত আৰু মুখত আঘাত কৰাৰ অভিযোগ।
ইফালে ঘটনাৰ সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় পল্টনবজাৰ আৰক্ষী।আৰক্ষীয়ে যুৱতী দুগৰাকীক স্বাস্থ‍্য পৰীক্ষা কৰায়।যুৱতীদ্বয়ৰ সুৰা সেৱনৰ কথা নিজ মুখেৰে স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত।যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত।

Your Comments