গুৱাহাটীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ডকাইতৰ

A

নিউজ ডেস্ক:

গুৱাহাটীত আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ।মহানগৰী বশিষ্ঠ আৰক্ষীৰ এনকাউন্টাৰত নিহত এটা ডকাইত।নিশা তদন্তত লৈ যোৱা সময়ত আৰক্ষীয়ে  এনকাউণ্টাৰ কৰে ধৃত গোবিন্দ সিঙক।যোৰাবাটৰ ধৰমতুললৈ নিয়া  সময়ত সংঘটিত  হৈছে এই ঘটনা।আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি ধৰমতুলত এটা বেগ আৰক্ষীক দেখুৱাইছিল গোৱিন্দই।কিন্তু মুহূৰ্ততে বেগৰ পৰা এটা পিষ্টল উলিয়াই গুলীচালনা কৰিছিল আৰক্ষীলৈ।তিনিজাই গুলী থকা পিষ্টলটোত এজাই ফুটাইছিল যদিও দুজাই সক্ৰিয় গুলী আছিল।আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে প্ৰত্যুত্তৰত গুলীয়াই আহত কৰিছিল।আহত গোবিন্দক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে মংগলবাৰে বিয়লি ভাগত ৰাইজে কৰায়ত্ত কৰি চমজাই দিছিল আৰক্ষীক।এগৰাকী গাড়ী কিনিব অহা ব্যক্তিৰ পৰা টকা ভৰ্তি বেগ থপিয়াই উধাও হবলৈ চেষ্টা কৰা সময়তে ৰাইজে খেদি-খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল।গোবিন্দৰ লগত অহা অন্যজন অভিযুক্ত পলাই যায়।
ইফালে আৰক্ষীয়ে জব্দ কৰিছে এটা ৯এম এম পিষ্টল।

Your Comments