নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা বিবিয়ানৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা বিবিয়ানৰ

অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে৷ অসমীয়া জাতিৰ বাবে অস্তিত্বৰ সংকট কঢ়িয়াই অনা এই বিধেয়কখনক লৈ বিগত দুটা দিন ধৰি সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জুই জ্বলিছে৷ আজিও অব্যাহত আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷

তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ ছাত্ৰ সমাজেও এই প্ৰতিবাদী সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে৷ ইতিমধ্যে কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই এই বিধেয়কৰ বিৰোধিতাত অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন ঘোষণা কৰাৰ লগতে আজিৰে পৰা আৰম্ভ কৰিছে আমৰণ অনশন কাৰ্যসূচী৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা বিবিয়ানৰ

সমান্তৰালভাৱে পূব কামৰূপ মহাবিদ্যালয়েও ঘোষণা কৰিছে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী৷ আজি অসমৰ আন এখন আগশাৰীৰ মহাবিদ্যালয় গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভায়ো প্ৰকাশ কৰিছে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া৷ কেন্দ্ৰীয় চৰকাৰে অসমীয়া জনসাধাৰণৰ স্বাৰ্থক চিতাত তুলি, সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদক আওকাণ কৰি বিধেয়কখন গৃহীতকৰণৰ দিশে অগ্ৰসৰ হোৱাটোক ধিক্কাৰ জনাই বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে৷

যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে বিবিয়ানসকলে৷ আনহাতে, খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত বি বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাই কোনো দিনে আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে বুলি চৰকাৰক সকীয়াই দিয়ে৷ 

Your Comments