অসমৰ খিলঞ্জীয়া মানুহৰ ওজৰ-আপত্তি, প্ৰতিবাদ নেওচি শীঘ্ৰে সংসদত অনুমোদিত হ'ব নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ । ইয়াৰ স্পষ্ট ইংগিত আজি দিলে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শিলচৰৰ জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ক"লে, " নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আমি অগ্ৰসৰ হৈছোঁ ।
আশা কৰিছোঁ-অতি শীঘ্ৰেই বিধেয়কখন সংসদত অনুমোদিত হ'ব । " মোডীৰ ভাষ্য অনুসৰি এই বিধেয়কখন এখন সাধাৰণ বিধেয়ক নহয় । বৰঞ্চ অতীতত বহু ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ প্ৰায়শ্চিত্ত এই বিধেয়ক । মোডীৰ আজিৰ ভাষ্যই কাৰ্যত: কেন্দ্ৰৰ ওচৰত অসাৰ প্ৰমাণিত কৰিলে অসমৰ ৰাইজে বিধেয়কখনৰ বিৰুদ্ধে অব্যাহত ৰখা সমস্ত সংগ্ৰাম ।
- Log in to post comments
- 168 views