দিল্লীত কেন্দ্ৰীয় কেবিনেট বৈঠক, বিধানসভাত অসমীয়াৰ বাবে আসন সংৰক্ষণৰ টোপ

w

আজি দুপৰীয়া নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত অসম সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ মোডী নেতৃত্বাধীন চৰকাখনৰ এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকখনৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কয় যে, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এখন উচ্চস্তৰীয় সমিতি গঠনৰো পোষকতা কৰা বুলি ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ বুদ্ধীজীৱীকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব৷

অসমৰ খিলঞ্জীয়াৰ ভাষা-সংস্কৃতি সংৰক্ষণ কৰিব বুলিও একেখন সংবাদ মেলতে মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী চাকৰিত অসমীয়াৰ বাবে নিযুক্তিৰ ক্ষেত্ৰতো সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব৷ ইফালে বড়ো জনগণক সন্তুষ্ট কৰাৰ বাবে বড়ো চুক্তিৰ দোহাঁই দি বড়োলেণ্ডৰ পৰা 'আৰনাই এক্সপ্ৰেছ' নামেৰে এখন ৰে'ল চলাচল কৰোৱাৰ ওপৰি বড়ো ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে এই সংগ্ৰহালয় স্থাপনৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰে৷ কোকৰাঝাৰস্থিত আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰকো আধুনিকৰণ কৰা হ'ব বুলিও সংবাদ মেলখনত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷

ইফালে ছয় জনজাতিৰ জনজাতিকৰণ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলিহে সংবাদ মেলখনত আন এক তাৎপৰ্যপূৰ্ণ ঘোষণা কৰে গৃহমন্ত্ৰী সিঙে৷ ইয়াৰ পৰিৱৰ্তে অসম বিধানসভাত অসমীয়াৰবাবে আসন সংৰক্ষণৰ এক টোপহে দিয়ে মন্ত্ৰীগৰাকীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপনৰ পথ প্ৰসস্ত হোৱাৰ লগে লগে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ আজিৰ কেবিনেট বৈঠকখনে অসম সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহে বিশেষ তাৎপৰ্যবহন কৰাৰ লগতে ৰাজ্যবাসীয়ে এই সিদ্ধান্তসমূহ কেনেদৰে গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যনীয় হ'ব৷ 

Your Comments