তেজপুৰস্থিত অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান 'জি আই এম টি (https://gimt-tezpur.ac.in)'ৰ উদ্যোগত অসম ভিত্তিত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পৰা প্ৰতিযোগিতাখনিৰ বিষয় 'ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকা (Role of Technology in National Progress)।
অসমীয়া বা ইংৰাজী যিকোনো এটা ভাষাত লিখি প্ৰেৰণ কৰিব পৰা ৰচনাসমূহৰ শব্দ সংখ্যা ১৫০০-২০০০ৰ ভিতৰত সীমাবদ্ধ ৰাখিব লাগিব। প্ৰেৰণ কৰা ৰচনাসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰতিযোগীসকলৰ নাম, ঠিকনা, শিক্ষানুষ্ঠানৰ নাম, শ্ৰেণী, ই-মেইল ঠিকনা আৰু ফোন নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়।
লগতে শেষ পৃষ্ঠাত প্ৰতিযোগীৰ স্বাক্ষৰসম্বলিত ৰচনাখনৰ মৌলিকতা সম্বন্ধে স্বঘোষিত এক পত্ৰ প্ৰেৰণ কৰিব লাগিব । অনলাইন পদ্ধতিৰে জমা দিব বিচৰা ৰচনাসমূহ পিডিএফ(PDF) ফৰমেটত stcclubgimttezpur@gmail.com ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব। ডাকযোগে পঠাব বিচাৰিলে পৰিষ্কাৰ হাতৰ আখৰেৰে Co-ordinator, Essay Competition, GIMT Tezpur, Kunderbari, Dekargaon, Sonitpur, PIN- 784501, Assam এই ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।
ৰচনাসমূহ জমা দিয়াৰ শেষ তাৰিখ ৩০ জানুৱাৰী, ২০১৯। বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় ধনৰাশি আৰু মানপত্ৰ সহিতে পুৰস্কৃত কৰা হ'ব বুলি আয়োজকমণ্ডলীয়ে জানিবলৈ দিছে। আগ্ৰহী প্ৰতিযোগীয়ে অধিক তথ্যৰ বাবে ৯৮৬৪০৪৪০১৩, ৯৭০৬৫৯২৯৬১ এই দুটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।
- Log in to post comments
- 414 views