বগীবিল দলংৰ কিছু তথ্য 

w

বগীবিল দলংৰ কিছু তথ্য 

● আজি (২৫ ডিচেম্বৰ) দেশৰ প্ৰধানমন্ত্ৰীয় নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে বগীবিল দলংখন উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু অসমৰ ৰাজ্যপাল গৰাকী ।

● ভাৰতৰ দীৰ্ঘতম ৰে’লপথ-স্থলপথযুক্ত দলং বগীবিল।

● অসম চুক্তিৰ ফলস্বৰুপে নিৰ্মাণ হৈছে বগীবিল দলং।

● বগীবিল দলঙৰ দৈৰ্ঘ্য ৪.৯৪ কিঃমিঃ।

● ছুইডেন আৰু ফিনলেণ্ডৰ দলঙৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে দলংখন।

● ৪২টা খুঁটাৰে সংযুক্ত দুখলপীয়া দলংখনত ওপৰ খলপত ৩ লেনযুক্ত স্থলপথ।

● উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে দলংখন।

● বগীবিলে সংযোগ কৰিব ধেমাজি আৰু ডিব্ৰুগড় জিলাক।

● বগীবিলৰ ৰে’ল দলংৰ উচ্চতা ১১৮.৪২৪ মিটাৰ।

● উত্তৰ পাৰে চিচিবৰগাঁও আৰু টঙানি ৰে’ল ষ্টেচন। 
দক্ষিণ পাৰে জামিৰা ধমনগাঁও ৰে’ল ষ্টেচন।

● মাত্ৰ ১০ মিনিটতে ৰে’লেৰে পাৰ হ’ব পাৰিব বগীবিল দলং।

● পূৰ্বে নাৱত ৩ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল।

● দলংখনৰ ওপৰত ৩৬২টা ষ্ট্ৰীট লাইট সংযোজন কৰা হৈছে।

● এন এফ ৰে’লৱেৰ উদ্যোগত কেৱল তীখাৰে নিৰ্মিত প্ৰথমখন দলং বগীবিল।

●৭৭ হাজাৰ মেট্ৰিক টন তীখা ব্যৱহাৰ কৰা হৈছে এই দলংখনত।

● দলংখনৰ ৰে’ল পথত ৮৮২টা বিশেষ লাইটেৰে সজোৱা হৈছে৷

Your Comments