মেখেলা-চাদৰ পিন্ধি লতাই বিশ্ববাসীক জনালে বৰদিনৰ শুভেচ্ছা

w

আজি সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে খ্ৰীষ্টান ধৰ্মীলোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন৷ এই উৎসৱ উপলক্ষে ভাৰতৰ সুখ্যাত সংগীত শিল্পী লতা মংগেশকাৰে অসমীয়া মেখেলা-চাদৰ পৰিধান কৰি সমূহ অসমবাসী তথা বিশ্ববাসীক তেওঁৰ একাউণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰিছে৷

কোকিল কণ্ঠী লতাক এই মেখেলা-চাদৰযোৰ কিছুদিন পূৰ্বে অসমৰ চলচিত্ৰ তথা সংগীত জগতৰ লগত জড়িত পৰিচালক আৰু সম্পাদক সমুজ্জ্বল কাশ্যাপে উপহাৰ হিচাপে প্ৰদান কৰিছিল মেখেলা-চাদৰযোৰ উপহাৰ হিচাপে পাই বহু সুখী আৰু আনন্দ অনুভৱ কৰাৰ লগতে চলচিত্ৰ তথা সংগীত শিল্পীজনক ধন্যবাদ জ্ঞাপন কৰে সুখ্যাত গায়িকাগৰাকীয়ে৷

Your Comments