বগীবিল দলঙৰ ওপৰেদি আৰম্ভ পৰিবহণ নিগমৰ বাছ সেৱা

w

ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰা তথা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ দূৰত্ব কম কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা বগীবিল দলঙৰ ওপৰেৰে আজিৰ পৰা চলিব বাছ সেৱা৷ উত্তৰ আৰু দক্ষিণপাৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পৰিবহণ নিগমে এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷

উল্লেখযোগ্য যে, আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খ্ৰীষ্টান ধৰ্মীলোকসকলৰ উৎসৱ বৰদিন আৰু প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰে সংগতি ৰাখি আনুষ্ঠানিকভাৱে দেশবাসীৰ বাবে মুকলি কৰা বগীবিল দলঙৰ ওপৰেৰে গোলাঘাটৰ পৰা জোনাইলৈ চলিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা বগীবিল দলঙেৰে চলিব লগা এই বাছ সেৱা আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট প্ৰবন্ধকাৰ অৰুণ গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈয়ে৷

এই দলঙৰ ওপৰেদি নিতৌ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা চলাচল কৰিব বুলি পৰিবহণ নিগমে জানিবলৈ দিয়ে৷ বগীবিল দলং নিৰ্মাণ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বাছ সেৱা মুকলি কৰাৰ কাৰ্যত দুয়োপাৰৰ লোক স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা দেখা গৈছে৷ কিয়নো বগীবিল দলং নিৰ্মাণৰ পূৰ্বে দুয়োটা অঞ্চলৰ মাজত যোগাযোগ আৰু বেপাৰ-বাণিজ্যৰ একমাত্ৰ মাধ্যম আছিল নাও তথা জাহাজ সেৱা৷ কিন্তু আজিৰ পৰা দুয়োটা অঞ্চলৰ লোকে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে বিপদশংকুল যাত্ৰা কৰাৰ বিপৰীতে লাভ কৰিব বাছ সেৱা তথা ৰে'ল সেৱা৷
 

Your Comments