অপেক্ষাৰ অন্ত ! প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে বগীবিল দলং

w

অৱশেষত সেই বহু প্ৰতীক্ষিত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ফিটা কাটি উদ্বোধন কৰিলে বগীবিল দলং । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিনৰ ২.৩০বজাত শুভাৰম্ভ কৰে দলংখনৰ । ৪.৯৪ কি.মি. দৈৰ্ঘ্যৰ দলংখন মুকলি কৰি দলঙৰ ওপৰেৰে  যাত্ৰা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

w

প্ৰধানমন্ত্ৰীগৰাকীক লগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে ১৯৯৭ চনতে আধাৰশিলা স্থাপন কৰা হৈছিল লখিমপুৰ আৰু ডিব্ৰুগড়ক সংযোগ কৰাৰ বাবে বগীবিল দলঙৰ । আৰু ২০০২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী  অটল বিহাৰী বাজপেয়ীৰ তৎপৰতাত আৰম্ভ হৈছিল দলংখনৰ কাম ।প্ৰথম অৱস্থাত প্ৰায় ১৬০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছিল দলংখন বাবে।

w

কিন্ত দলংখনৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা বাবে দলং খন নিৰ্মাণত মুঠ ব্যয় হল ৫০০০কোটি টকা । উল্লেখ্য যে ৰে'ল চলাচলৰ সুবিধাও আছে দলংখনত। ইফালে ৰে'ল দলঙৰ দিশত বগীবিল দলংখন দেশৰ ভিতৰতে সৰ্বাধিক দীঘল দলং হিচাপে পৰিগণিত হৈছে। দলং খন উদ্বোধন কৰিয়েই দক্ষিণ পাৰত দেশবাসীক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

Your Comments