৩২সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্য মন্ত্ৰীৰ

book

উত্তৰ-পূব গ্ৰন্থমেলাৰ পিছত এইবাৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে গুৱাহাটী গ্ৰন্থমেলা । ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰী, ২০১৯লৈকে ১২দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গুৱাহাটী গ্ৰন্থমেলা ।

ghy

৩২সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দীপালী বৰঠাকুৰ সোঁৱৰণী মঞ্চত বৰগীত আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক ডঃ নগেন শ‌ইকীয়াক অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বটাঁ প্ৰদান কৰা হয় ।

g

মুখ্য মন্ত্ৰীয়ে প্ৰদান কৰা এই বটা গ্ৰহণ কৰে ডঃ নগেন শ‌ইকীয়াৰ কনিষ্ঠ পুত্ৰ কৌশিক শ‌ইকীয়াই । ৩২সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্য, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনবীৰ মনচুৰ, পশ্চিমবংশৰ বিশিষ্ট সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়, নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক তথা বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট সাহিত্যিক উপস্থিত থাকে ।

এই সভাতেই আজি চাৰিখন গ্ৰন্থৰ উন্মোচন কৰা হয় । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি এইবাৰৰ গ্ৰন্থমেলাত মুঠ ২৪খন নতুন গ্ৰন্থ উন্মোচন হ'ব ।

Your Comments