নগাঁও জিলা পৰিষদ গঠনক লৈ বিজেপি-কংগ্ৰেছৰ তৎপৰতা : প্ৰফুল্ল মহন্তৰ স্থিতি হ'ব লক্ষণীয়

নগাঁও জিলা পৰিষদ গঠনক লৈ বিজেপি-কংগ্ৰেছৰ তৎপৰতা : প্ৰফুল্ল মহন্তৰ স্থিতি হ'ব লক্ষণীয়

নগাঁৱৰ পৰা ৱাহিদুদ জামান

২৯টা জিলা পৰিষদ সমষ্টিৰে সমৃদ্ধ নগাঁও জিলা পৰিষদ গঠনৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত সম্প্ৰতি জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে ।

উল্লেখ্য যে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলা পৰিষদৰ মুঠ ২৯খন আসনৰ ভিতৰত শাসকীয় বিজেপি দলে ১২খন, কংগ্ৰেছে ১১খন, অগপ আৰু এআইইউডিএফে ৩খনকৈ আসন লাভ কৰিছে ।

এইদৰে কোনো এটা ৰাজনৈতিক দলে জিলা পৰিষদখন গঠনৰ বাবে প্ৰয়োজনীয় ১৫ মেজিক নম্বৰটো নোপোৱাৰ বাবে এতিয়া নিমিলা অংক মিলোৱাত ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছ ।

ইয়াৰ সামন্তৰালকৈ তিনিখনকৈ আসন লাভ কৰি নগঞা ৰাইজৰ দ্বাৰা একপ্ৰকাৰ উপেক্ষিত হোৱা অগপ দল আৰু এআইইউডিএফ দলৰ নিৰ্বাচিত ছয়জন জিলা পৰিষদৰ সদস্য এতিয়া নগাঁও জিলা পৰিষদ গঠণৰ ক্ষেত্ৰত নিৰ্ণায়ক হৈ পৰাত তেওঁলোক বিজেপি আৰু কংগ্ৰেছ দলৰ বাবে মহা মূল্যৱান ৰত্নত পৰিণত হৈছে ।

সেয়েহে তেওঁলোকক লৈয়ো এতিয়া অগপ আৰু এআইইউডিএফ দলে দৰদামৰ ৰাজনীতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে । বিজেপি দলে যিকোনো প্ৰকাৰে অগপ দলৰ নিৰ্বাচিত সদস্য তিনিজনৰ সমৰ্থন লাভ কৰাৰ উপৰি কংগ্ৰেছ দলৰো দুজনমান নিৰ্বাচিত সদস্যক অলেখ প্ৰলোভনেৰে নিজৰফলীয়া কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বুলি গণ্য পৰা হৈছে ।

আনহাতে, কংগ্ৰেছ দলেও যিকোনো প্ৰকাৰে এআইইউডিএফ দলৰ তিনিজন সদস্যৰ লগতে অগপ দলৰো এজন সদস্যক নিজৰ কব্জালৈ নিবলৈ সকলো কৌশল প্ৰয়োগ কৰা বুলি গণ্য কৰা গৈছে ।

পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনক কেন্দ্ৰ কৰি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অগপ-বিজেপিৰ একাংশ শীৰ্ষ পৰ্যায়ৰ নেতাই পৰস্পৰে পৰস্পৰক সকলো সীমা অতিক্ৰম কৰি গৈ সমালোচনাৰে থকাসৰকা কৰা, ইটো দলে সিটো মিত্ৰ দলৰ মান-মৰ্যাদা হানিকাৰক অজস্ৰ মন্তব্য প্ৰকাশ কৰা কাৰ্যই তেওঁলোকৰ মাজত থকা প্ৰায় আঢ়ৈ বছৰীয়া মধুচন্দিকাত কালিমা সানে ।

কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত অসম গণ পৰিষদ দলটো নগাঁৱত প্ৰায় ধৰাশয়ী হোৱাত এতিয়া দলটোৰ নেতা-কৰ্মীসকলে পুনৰ বিজেপিৰ কাষ চাপিবলৈ উদ্বাউল হৈ পৰা পৰিলক্ষিত হৈছে । অগপৰ শেহতীয়া স্হিতিত নগাঁও জিলা পৰিষদখন এতিয়া বিজেপিৰ হাতলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

পঞ্চায়ত নিৰ্বাচনৰ তিক্ততা পাহৰি অগপ দলে নগাঁও জিলা পৰিষদখন গঠণৰ ক্ষেত্ৰত শাসকীয় দল বিজেপিক সমৰ্থন আগবঢ়ালে বিজেপিয়ে অনায়াসে জিলা পৰিষদখন গঠন কৰিব পৰাকৈ যাদুকৰী সংখ্যা ১৫ স্পৰ্শ কৰিব ।  যদিহে কিবা কাৰণত বূজাবুজিৰ অংক নিমিলিলে অগপ-বিজেপিৰ মিত্ৰতাৰ ক্ষেত্ৰত ফাঁট মেলে, তেন্তে  জিলা পৰিষদ আসন লাভৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা কংগ্ৰেছে ইয়াৰ সুযোগ ল'বলৈ আগুৱাই যাব ।

ইপিনে, এআইইউডিএফৰ হাতলৈ যোৱা ৩টা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত সদস্যসকলে বিজেপিক সমৰ্থন দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছক বাহিৰৰ পৰা হ'লেও সমৰ্থন দিয়াটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । এয়া হ'লেও কংগ্ৰেছ আৰু এআইইউডিএফে মিলি আসনৰ সংখ্যা ১৪ হয়গৈ । এই ক্ষেত্ৰত জিলা পৰিষদৰ বাঘজৰী দখলৰ বাবে কংগ্ৰেছৰ প্ৰয়োজন হ'ব মাত্ৰ এখন আসনৰ ।

তেনে পৰিস্থিতিৰ বাবেই কংগ্ৰেছে বিকল্পৰ সন্ধানত বিশেষ তৎপৰতা অব্যাহত ৰাখিছে ।  জানিব পৰামতে, কংগ্ৰেছে শীৰ্ষ নেতৃত্ব‌ই নগাঁও জিলা পৰিষদখন পুনৰ নিজৰ হাতলৈ নিয়াৰ বাবে অগপৰ হাতৰ পৰা এখন আসন আনিবলৈ ভিতৰি ভিতৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ একালৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাই জিলা পৰিষদ গঠনৰ বাবে ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে ।

আনকি দুয়োগৰাকী নেতাই কংগ্ৰেছৰ ১১গৰাকী প্ৰাৰ্থীক লৈ ইতিমধ্যে কে'বালানি বৈঠকত মিলিত হৈ জিলা পৰিষদ গঠনৰ বাবে বিভিন্ন কৌশল ৰচনা কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে কংগ্ৰেছে জিলা পৰিষদৰ সভাপতি পদৰ বাবে আনুষ্ঠানিকভাৱে কাৰো নাম প্ৰস্তাৱ কৰা নাই যদিও সভাপতিৰ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়াও তলে তলে আৰম্ভ কৰিছে ।

ইয়াকে লৈ কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতিৰ । আনহাতে, বিজেপি দলে জিলা পৰিষদ গঠনৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । ইতিমধ্যে দলটোৰ নগাঁৱস্থিত শীৰ্ষ নেতৃত্ব‌ই অগপৰ লগতে আন দলৰ সদস্যৰ লগতো যোগাযোগ চলোৱা বুলি জানিব পৰা গৈছে । বিজেপিৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ।

কিয়নো তেওঁৰ সমষ্টিত দুজনকৈ জিলা পৰিষদ সদস্য অগপৰ নিৰ্বাচিত হৈছে । তদুপৰি, কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট সমষ্টিৰ জুৰীয়া জিলা পৰিষদত অগপৰ মুৰ্শিদা খাতুন ফৰাজী নিৰ্বাচিত হৈছে ।

এইগৰাকী জিলা পৰিষদ সদস্যক প্ৰাৰ্থিত্ব দিয়া আৰু জিকাই অনাত মহন্তই গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল । সেয়ে অগপৰ এই তিনিগৰাকী সদস্য বৰ্তমান মহন্তৰ নিয়ন্ত্ৰণত আছে ।

যাৰবাবে অগপৰ নিৰ্বাচিত সদস্যকেইজনে কোন দলক সমৰ্থন দিব সেই কথা বহুখিনি নিৰ্ভৰ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী  প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত । ফলত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মহন্ত‌ই কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

Your Comments